peepl-small

সততাৰ পুৰস্কাৰঃ হোমগাৰ্ড বৰসিং বে’লৈ ডিজিপিৰ ১ লাখ টকা

PUBLISHED:

গুৱাহাটীঃ ড্ৰাগছ সৰবৰাহকাৰীয়ে মোটা অংকৰ ঘোচ যচাৰ পাছতো সেয়া প্ৰত্যাখ্যান কৰি ১২ কোটি টকাৰ ড্ৰাগছ জব্দ কৰি সততাৰ নিদৰ্শন দেখুৱালে কাৰ্বি আংলঙৰ ডিলাই থানাৰ হোমগাৰ্ড বৰসিং বে’য়ে।

হোমগাৰ্ডগৰাকীৰ সততা আৰু কৰ্তব্যনিষ্ঠাৰ স্বীকৃতি হিচাপে তেওঁলৈ পুৰস্কাৰ ঘোষণা কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই। 

ডিজিপি মহন্তই টুইটাৰযোগে কয় – “এই নিঃস্বাৰ্থ আৰু সৎ কাৰ্যৰ বাবে শ্ৰী বে’ক এক লাখ টকাৰে পুৰস্কৃত কৰা হ’ব।”

সোমবাৰে নিশা কি হৈছিল?

মণিপুৰৰ মৰেহৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল এখন বাছ।

ডিলাই থানাৰ অন্তৰ্গত এটা তালাচী চকীত গাড়ীখনক ৰ’বলৈ নিৰ্দেশ দিলে কৰ্তব্যৰত হোমগাৰ্ড বৰসিঙে।

কিন্তু গাড়ীখনত থকা দুই মহিলা আৰু চালকে হোমগাৰ্ডগৰাকীক কৰিলে এটা বিশেষ অনুৰোধ। তেওঁলোকৰ গাড়ীখনত তালাচী চলাব নালাগে। তাৰ বিনিময়ত বৰসিং বে’ক দিয়া হ’ল লোভনীয় প্ৰস্তাৱ।

গাড়ীখন যাবলৈ দিলে মোটা অংকৰ ধন ঘোচ হিচাপে হোমগাৰ্ডগৰাকীক দিয়া হ’ব।

কিন্তু বৰসিং বে’ৰ আছিল নিজৰ খাকী পোছাকযোৰৰ প্ৰতি দায়বদ্ধতা, আছিল আত্মসন্মান। সেয়ে, তেওঁ প্ৰত্যাখ্যান কৰিলে এই প্ৰস্তাৱ।

ধনৰ অফাৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি হোমগাৰ্ডগৰাকীয়ে খবৰ দিলে ঊৰ্ধতন কৰ্তৃপক্ষক।

লগে লগে সেই স্থানত উপস্থিত হ’ল আৰক্ষীৰ এটা তহলদাৰী দল। আৰক্ষীৰ তালাচীত উদ্ধাৰ কৰা হ’ল বৃহৎ পৰিমাণৰ ড্ৰাগছ। তিনি কিলোগ্ৰাম ওজনৰ এই ড্ৰাগছৰ আন্তৰ্জাতিক ক’লা বজাৰত দাম ১২ কোটি মান হ’ব বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

লগতে পঢ়কঃ ASSAM POLICE RECOVERS DRUGS WORTH RS 12 CRORE IN KARBI ANGLONG, ARRESTS 3 INCLUDING 2 TAMIL WOMEN

বৃহৎ পৰিমাণৰ ঘোচ প্ৰত্যাখ্যান কৰি হোমগাৰ্ড বৰছিঙে ধৰিলে বৰবিহ

RELATED ARTICLES