peepl-small

বৃহৎ পৰিমাণৰ ঘোচ প্ৰত্যাখ্যান কৰি হোমগাৰ্ড বৰছিঙে ধৰিলে বৰবিহ

PUBLISHED:

ৰিংকুমণি পাঠক

গুৱাহাটীঃ সততাৰ অনন্য নিদৰ্শন হৈ উজলিল গৃহৰক্ষী বাহিনীৰ এগৰাকী জোৱান।
কাৰ্বি আংলং জিলাৰ ডিলাই থানাত কৰ্মৰত বৰছিং বে’ নামৰ হোমগাৰ্ডগৰাকীয়ে দেখুৱালে কৰ্তব্যনিষ্ঠা আৰু সততাৰ অতুলনীয় আদৰ্শ।

সোমবাৰৰ নিশাৰ ঘটনা এয়া। মণিপুৰৰ মৰেহৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল এখন বাছ।
ডিলাই থানাৰ অন্তৰ্গত এটা তালাচী চকীত গাড়ীখনক ৰ’বলৈ নিৰ্দেশ দিলে কৰ্তব্যৰত হোমগাৰ্ড বৰছিঙে।
কিন্তু গাড়ীখনত থকা দুই মহিলা আৰু চালকে হোমগাৰ্ডগৰাকীক কৰিলে এটা বিশেষ অনুৰোধ। তেওঁলোকৰ গাড়ীখনত তালাচী চলাব নালাগে। তাৰ বিনিময়ত বৰছিং বে’ক দিয়া হ’ল লোভনীয় প্ৰস্তাৱ।
গাড়ীখন যাবলৈ দিলে মোটা অংকৰ ধন ঘোচ হিচাপে হোমগাৰ্ডগৰাকীক দিয়া হ’ব।

কিন্তু বৰছিং বে’ৰ আছিল নিজৰ খাকী পোছাকযোৰৰ প্ৰতি দায়বদ্ধতা, আছিল আত্মসন্মান। সেয়ে, তেওঁ প্ৰত্যাখ্যান কৰিলে এই প্ৰস্তাৱ।

ধনৰ অফাৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি হোমগাৰ্ডগৰাকীয়ে খবৰ দিলে ঊৰ্ধতন কৰ্তৃপক্ষক।

লগে লগে সেই স্থানত উপস্থিত হ’ল আৰক্ষীৰ এটা তহলদাৰী দল। আৰক্ষীৰ তালাচীত উদ্ধাৰ কৰা হ’ল বৃহৎ পৰিমাণৰ ড্ৰাগছ। তিনি কিলোগ্ৰাম ওজনৰ এই ড্ৰাগছৰ আন্তৰ্জাতিক ক’লা বজাৰত দাম ১২ কোটি মান হ’ব বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

ড্ৰাগছ উদ্ধাৰৰ পাছতে কাৰ্বি আংলং আৰক্ষীয়ে নিজৰ জিম্মাত লয় দুই মহিলা আৰু বাছখনৰ চালকজনক। মহিলা দুগৰাকীৰ ঘৰ তামিলনাডুত আৰু বাছখনৰ চালকজন মণিপুৰৰ।

প্ৰকৃততে হোমগাৰ্ড বৰছিং বে’ৰ আপোচবিহীন স্থিতিৰ বাবে জব্দ কৰিব পৰা গ’ল এই বৃহৎ পৰিমাণৰ ড্ৰাগছ।

তেওঁৰ এই সততাক স্বীকৃতি দিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই। ডিজিপি মহন্তই হোমগাৰ্ডগৰাকীৰ বাবে ঘোষণা কৰিছে এক লাখ টকাৰ পুৰস্কাৰ।

টুইটাৰত মহন্তই এনেদৰে উল্লেখ কৰে — “এই ড্ৰাগছ উদ্ধাৰৰ সিংহভাগ কৃতিত্ব হোমগাৰ্ড বৰছিং বে’ৰ। তেওঁলোকক যাবলৈ দিয়াৰ বিনিময়ত তেওঁক মোটা অংকৰ ধন ঘোচ হিচাপে আগবঢ়োৱা হৈছিল। কিন্তু তেওঁ সেয়া নাকচ কৰে।”

বৰছিং বে’য়ে প্ৰমাণ কৰিলে টকাতকৈ দায়িত্ব বহু ওপৰত। আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত নানা অভিযোগৰ বিপৰীতে সততাৰ এক উজ্জ্বল নিদৰ্শন হৈ ৰ’ল এইগৰাকী হোমগাৰ্ড।

ছেল্যুট বৰছিং!

RELATED ARTICLES