peepl-small

ক’ৰোনাত বিধ্বস্ত অর্থনীতি উজ্জীৱিত কৰিবলৈ বিত্তমন্ত্রীৰ আঠ অভিলাষী আঁচনি

PUBLISHED:

গুৱাহাটীঃ   ক’ৰোনাবিধ্বস্ত অর্থনীতিত পুনৰুজ্জীৱিত কৰিবলৈ আঠটা নতুন আঁচনি ঘোষণা কৰিছে কেন্দ্রীয় চৰকাৰে৷ কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে আজি সংবাদ মেলযোগে ক’ভিড–১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজত দেশৰ অর্থনীতিক সমর্থনৰ লক্ষ্যৰে ৬,২৮,৯৯৩ কোটি টকাৰ সাহায্যৰ পেকেজ ঘোষণা কৰে আৰু এই পেকেজত আঠটা নতুন আঁচনি সন্নিৱিষ্ট হয়৷ বিধ্বস্ত অর্থনীতি বিশেষকৈ স্বাস্থ্য, পর্যটন, কৃষি, বীমা আদিক প্রাধান্য দি বিত্তমন্ত্রীগৰাকীয়ে ঘোষণা কৰা নতুন আঁচনিৰ ভিতৰত ক’ভিড ক্ষতিগ্রস্তৰ বাবে ১.১ লাখ কোটি ঋণ নিশ্চিত আঁচনি৷ এই ঋণ নিশ্চিত আঁচনি সম্পূর্ণ নতুন৷ ১.১ লাখ কোটিৰ ভিতৰত স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবে ৫০ হাজাৰ কোটি আৰু আন খণ্ডত ৬০ হাজাৰ কোটি ধৰা হৈছে৷

ইয়াৰ উপৰি অতিৰিক্ত ১.৫ লাখ কোটি ইমার্জেন্সী ক্রেডিট লাইন গেৰাণ্টী স্ক্রীমো (ই চি এল জি এছ) আছে৷ বিগত বর্ষত আত্মনির্ভৰ ভাৰতৰ অংশ হিচাপে ই চি এল জি এছ ঘোষণা কৰা হৈছিল৷ দেশজুৰি স্বাস্থ্য সংকটৰ প্রতি লক্ষ্য ৰাখি আজি বিত্তমন্ত্রীগৰাকীয়ে জনস্বাস্থ্যৰ কাৰণে অতিৰিক্ত ২৩ হাজাৰ কোটি ঘোষণা কৰা হয়৷ তদুপৰি ক’ৰোনাই বিধ্বস্ত কৰা পর্যটন খণ্ডক সমর্থনৰ কাৰণে ১০ লাখকৈ টকা ঋণ ট্রেভেল এজেন্সীক প্রদান কৰাৰ লগতে পর্যটক গাইডক এক লাখ টকাকৈ ঋণ প্রদান কৰিব৷ তেনেদৰে দেশৰ পর্যটনক পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে প্রথম পাঁচ লাখ পর্যটকক বিনামূলীয়া ভিছা প্রদান কৰা হ’ব৷ পর্যটন খণ্ডটো পুনৰ মুকলি হ’লেই এই প্রক্রিয়া আৰম্ভ হ’ব৷

আনপিনে, দেশৰ ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগক সকাহ দিয়াৰ লক্ষ্যৰে বিত্তমন্ত্রীগৰাকীয়ে ঘোষিত আঁচনি অনুসৰি দেশৰ ২৫ লাখ ক্ষুদ্র ব্যৱসায়ী তথা ক্ষুদ্র ঋণ লওঁতাক অতি কম সুদৰ হাৰত ১.২৫ লাখ টকাকৈ ঋণ প্রদান কৰিব৷ মাত্র ২ শতাংশ সুদৰ হাৰত এই ঋণ তিনি বছৰৰ বাবে সময়সীমা বান্ধি দিয়া হৈছে৷ আৰ বি আইৰ নির্ধাৰিত হাৰতকৈও কম ২ শতাংশ সুদৰ হাৰত ক্ষুদ্র ব্যৱসায়ীক ঋণ প্রদানেৰে সকাহ দিয়াৰ লক্ষ্য কেন্দ্রীয় চৰকাৰে গ্রহণ কৰিছে বুলি বিত্তমন্ত্রীগৰাকীয়ে ঘোষণা কৰে৷ আনপিনে, কৃষি খণ্ডতো বিত্তীয় সকাহ দিয়াৰ লক্ষ্যৰে ৰবি খেতিৰ সাৰৰ ওপৰত ৰাজসাহায্য বৃদ্ধি কৰা হৈছে৷

ইয়াৰ বাবে চৰকাৰে ১৪,৭৭৫ কোটি টকা ধার্য কৰিছে৷ তদুপৰি নর্থ–ইষ্টার্ন ৰিজ’নেল এগ্রিকালচাৰেল মার্কেটিং কর্প’ৰেচন (নেৰামেক) পুনৰ উজ্জীৱিত কৰাৰ বাবে ৭৭.৪৫ কোটি, নেচনেল এক্সপ’ট ইঞ্চুৰেন্স একাউণ্টৰ জৰিয়তে প্রকল্পসমূহ উজ্জীৱিত কৰাৰ বাবে ৩৩ হাজাৰ কোটি, এক্সপ’ট ইঞ্চুৰেন্সৰ কাৰণে ৮৮ হাজাৰ কোটি, ভাৰত নেট পি পি আর্হিৰ জৰিয়তে প্রতিখন গাঁৱক ব্রড ব্রেণ্ডেৰে সাঙুৰি লোৱাৰ কাৰণে ১৯ হাজাৰ কোটি টকা, সংস্কাৰ আধাৰিত ফলাফল জড়িত পাৱাৰ ডিষ্ট্রিবিউচন স্কীমৰ কাৰণে ৩.০৩ লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰাৰ উপৰি আত্মনির্ভৰ ভাৰত ৰোজগাৰ যোজনা ২০২২ বর্ষৰ ৩১ মার্চলৈ সম্প্রসাৰণ কৰা হয়৷

RELATED ARTICLES