peepl-small

ডাকঘৰত ধন জমা থৈ মাহিলি উপাৰ্জন কৰক..জানো আহক কি আছে এই লাভজনক আঁচনিত

PUBLISHED:

গুৱাহাটীঃ সঞ্চয় বা বিনিয়োগৰ ক্ষেত্ৰত ডাকঘৰ নিৰ্ভৰযোগ্য স্থান। অধিক লাভৰ আশাত কষ্টোপাৰ্জিত ধন পানীত পৰাৰ সম্ভাৱনা ডাকঘৰৰ ক্ষেত্ৰত একেবাৰে নাই।

ডাকঘৰৰ বহু আঁচনি লাভজনক হোৱাৰ লগতে নিৰাপদো। ইয়াত আপুনি জমা কৰা ধনৰাশিৰ সুৰক্ষাক লৈ চিন্তা কৰিবলগীয়া নাথাকে।

তেনে এখন আঁচনিৰ বিষয়ে জানো আহক।

আঁচনিখনৰ নাম ‘Post Office Monthly Income Scheme’।

উদাহৰণস্বৰূপে আপুনি এই আঁচনিৰ অইধীনত পাঁচ বছৰৰ বাবে ৪.৫ লাখ টকা জমা কৰিলে। ইয়াৰ বাবে বছৰেকীয়া সুতৰ হাৰ ৬.৬ শতাংশ।

এই জমা ধনৰাশিৰ বাবদ আপুনি মাহিলি ২,৪৭৫ টকাকৈ লাভ কৰিব।

পাঁচ বছৰৰ পাছত আপুনি যিকোনো ডাকঘৰৰ পৰা ৪.৫ লাখ টকা উলিয়াই ল’ব পাৰিব বা আপোনাৰ ছেভিংছ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিব পাৰিব।

আপুনি পলিচীখন নৱীকৰণো কৰিব পাৰিব।

উল্লেখযোগ্য যে আপুনি ন্যূনতম এহাজাৰৰ পৰা এই আঁচনিত ধন জমা কৰিব পাৰিব।

আপুনি জমা কৰা ধনৰাশি এই বাবে নিৰাপদ যে ই বজাৰৰ উঠা-নমাৰ ওপৰত প্ৰভাৱিত নহয়। গতিকে আপুনি নিৰ্দিষ্ট পৰিমাণৰ সুত লাভ কৰাটো নিশ্চিত।

এখন একাউণ্টত সৰ্বাধিক ৪.৫ লাখ টকা জমা কৰিব পাৰে যদিও একেজন লোকে একাধিক একাউণ্ট খোলাত বাধা নাই। কিন্তু প্ৰতিখন একাউণ্টৰ বাবে ধন জমা কৰাৰ উচ্চ সীমা ৪.৫ লাখ টকা।

দুই-তিনিজন লোকে লগ লাগি খোলা জইণ্ট একাউণ্টৰ ক্ষেত্ৰত জমা কৰা ধনৰ উচ্চ সীমা ন লাখ।

দহ বছৰৰ ওপৰৰ নাবালক-নাবালিকাৰ বাবেও আপুনি একাউণ্ট খুলি দিব পাৰে। তেওঁলোকে ১৮ বছৰ বয়সৰ পাছত লাভসমূহ আদায় কৰিব পাৰিব।
আঁচনিখনৰ সন্দৰ্ভত অধিক জানিবলৈ আপুনি নিকটৱৰ্তী ডাকঘৰৰ সৈতে যোগাযোগ কৰক।

RELATED ARTICLES