peepl-small

চাইনাছৰ সমস্যাত ভুগিছে নেকি? উপশমৰ উপায় জানক

PUBLISHED:

গুৱাহাটীঃ চাইনাচাইটিছৰ সমস্যাত ভোগা লোকৰ সংখ্যা কম নহয়। ইয়াৰ ফলত আনুষংগিক বিভিন্ন সমস্যাই দেখা দিয়ে। সম্পূৰ্ণ নিৰ্মূল নহ’লেও ঘৰুৱাভাৱে চাইনাচাইটিছৰ সমস্যাৰ পৰা কিছু উপশম পাব পাৰি।

জানো আহক তেনে কেইটামান উপায়ঃ

পাৰ্যমানে পানী খাওক। ‘humidifier’ বা ‘vaporizer’ ব্যৱহাৰ কৰক।

গৰম পানীৰ ভাপ লওক। এটা বাতি বা পাত্ৰত গৰম পানী লৈ টাৱেলেৰে ভাপ লওক। আপুনি বিচাৰিলে মেন্থল বা তেলো তাত মিহলাব পাৰে।

চাইনাচাইটিছৰ সমস্যা উপশম কৰাত চিকেন চুপেও সহায় কৰে। অলপ জ্বলা দি গৰমে গৰম গৰমে চিকেন চুপ খালে বহু পৰিমাণে উপশম পায়।

এনেবোৰ উপায় অৱলম্বন কৰি সাময়িকভাৱে চাইনাচাইটিছৰ সমস্যাৰ পৰা উপশম পোৱা যায় যদিও সমস্যা গুৰুতৰ আৰু দীৰ্ঘদিনীয়া হ’লে চিকিৎসকৰ কাষ চপাটো অত্যন্ত জৰুৰী।

RELATED ARTICLES