peepl-small

মূৰত মালিচ লয় নেকি? জানক এইকেইটা উপকাৰিতা

PUBLISHED:

গুৱাহাটীঃ চুলি কটাৰ শেষত নাপিতে নিশ্চয় আপোনাৰ মূৰতো মালিচ দিয়ে। বহুতে এই মালিচ ইমান উপভোগ কৰে যে অতিৰিক্ত ধন দি অধিক সময় মালিচ গ্ৰহণ কৰে।

পিছে আপুনি জানেনে মূৰৰ মালিচৰ আছে বহুকেইটা উপকাৰিতা?

ছাৰা মনৰিয়েল নামৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত মালিচ থেৰাপিষ্টে প্ৰকাশ কৰা অনুসৰি মূৰত মালিচ ল’লে টেনচন, মাইগ্ৰেইন তথা মূৰৰ বিষ, মানসিক চাপ আদিৰ পৰা যথেষ্ট উপশম পোৱা যায়।
মালিচ লোৱাৰ ফলত চুলিৰো বিকাশ ঘটে।

‘The effect of a scalp massage on stress hormone, blood pressure, and heart rate of healthy female’ শীৰ্ষক এখন গৱেষণাপত্ৰত প্ৰকাশ পাইছে মালিচৰ গুণাগুণ। গৱেষণাপত্ৰখনৰ মতে মূৰত মালিচ ল’লে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে।

মালিচৰ যথেষ্ট উপকাৰিতা আছে যদিও অভিজ্ঞ লোকৰ দ্বাৰাহে মালিচ ল’বলৈ বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে।

Photo by KoolShooters from Pexels

 

RELATED ARTICLES