peepl-small

কোকৰাঝাৰত ২৪০ হাইস্কুল টেট উত্তীর্ণক নিযুক্তি–পত্র

PUBLISHED:

বিটিআৰ এলেকাৰ টেট উত্তীর্ণ ৮৫১গৰাকী প্রার্থীক বিটিআৰৰ শিক্ষা বিভাগে নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছে৷ সেই অনুসৰি বৃহস্পতিবাৰে প্রথম পর্যায়ত কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ২৪০গৰাকী টেট উত্তীর্ণ প্রার্থীক নিযুক্তি–পত্র প্রদান কৰা হয়৷ বিটিআৰৰ সদৰ কোকৰাঝাৰৰ নিকটৱর্তী চান্দামাৰিস্থিত বডোফা সাংস্কৃতিক প্রকল্পৰ প্রেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত কোকৰাঝাৰ জিলাৰ ১৪৪গৰাকী আৰু চিৰাং জিলাৰ ৯৬গৰাকী হাইস্কুল টেট উত্তীর্ণ প্রার্থীক নিযুক্তি–পত্র প্রদান কৰা হয়৷ নিযুক্তি–পত্র বিতৰণ কৰে বিটিআৰৰ মুখ্য কার্যবাহী প্রমোদ বডো আৰু তেওঁৰ সতীর্থ কার্যবাহী সদস্যসকলে৷

নিযুক্তি–পত্র বিতৰণৰ পিছত বিটিআৰৰ শিক্ষা বিভাগৰো দায়িত্বত থকা মুখ্য কার্যবাহী প্রমোদ বড়োৱে সংবাদ মাধ্যমৰ আগত কয় যে বিটিআৰ অঞ্চলৰ বিভিন্ন মাধ্যমৰ স্কুলত পর্যাপ্ত পৰিমাণৰ শিক্ষক নথকাৰ বাবে শিক্ষাদানৰ ক্ষেত্রত যথেষ্ট অসুবিধা হৈছিল৷ যাৰ বাবে শিক্ষক নিযুক্তিৰ এই প্রক্রিয়া আৰম্ভ কৰা হৈছে৷ কোনোধৰণৰ ধনৰ লেনদেন নোহোৱাকৈ নিকাভাৱে মেধাৰ ভিত্তিত শিক্ষক–শিক্ষয়িত্রীস নিযুক্তি দিয়া হৈছে বুলি মন্তব্য কৰে প্রমোদ বড়োৱে৷

Also Read: অজন্তা বৰগোহাঁই ৰাজকোঁৱৰক অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচার্য নিযুক্তি

বডোলেণ্ড অঞ্চলত গুণগত শিক্ষক লাগে আৰু শিক্ষা বিভাগটো দুর্নীতিমুক্ত হ’ব লাগে বুলি মন্তব্য কৰি লগতে তেওঁ কয় যে বিগত সময়ছোৱাত ৰাজ্যখনত শিক্ষক নিযুক্তি আৰু স্কুল প্রাদেশিকীকৰণৰ ক্ষেত্রত যথেষ্ট খেলিমেলি হৈছিল৷ কিন্তু যোৱা পাঁচটা বছৰত সর্বানন্দ সোণোৱাল আৰু ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত নিযুক্তিৰ ক্ষেত্রত দুর্নীতি প্রায় নাইকিয়া হৈ পৰিছে৷ বড়োলেণ্ডতো নতুন চৰকাৰ অহাৰ পিছত কোনো ধৰণৰ দুর্নীতি নকৰাকৈ আৰু উৎকোচ নোলোৱাকৈ সকলো যোগ্য প্রার্থীক নিযুক্তি দিয়া কার্যসূচী আৰম্ভ হৈছে আৰু আগলৈ এনেদৰে চলাই লৈ যাম বুুলি কয় প্রমোদ বড়োৱে৷ লগতে আজিৰ সমাজৰ আটাইতকৈ ডাঙৰ বেমাৰটোৱে হ’ল দুর্নীতি বুলি মন্তব্য কৰি বিটিআৰৰ মুখ্য কার্যবাহীগৰাকীয়ে দুর্নী গুৰিৰ পৰা যাতে সমাপ্ত হয় তাৰ বাবে উৎকোচ নিদিবলৈ আৰু উৎকোচ নল’বলৈ সকলোকে অনুৰোধ তথা আহ্বান জনায়৷

বিটিআৰৰ শিক্ষা সঞ্চালক জ্যোতিপ্রসাদ ব্রহ্মই বাক্সা জিলাৰ ৪২০গৰাকী আৰু শনিবাৰে ওদালগুৰি জিলাৰ ১৯১গৰাকী টেট উত্তীর্ণ প্রার্থীক একে প্রক্রিয়াৰে নিযুক্তি–পত্র দিয়া হ’ব বুলি সদৰী কৰিছে৷

Also Read: ক’ভিড পৰিৱেশৰ সুযোগ লৈ সীমান্ত ঠেলি আহিছে মিজোৰামে

উল্লেখ্য যে আজিৰ নিযুক্তি–পত্র বিতৰণী অনুষ্ঠানত বিটিআৰৰ কার্যবাহী সদস্য ক্রমে নীলৎ স্বর্গীয়াৰী, দাওবৈছা বড়ো, অৰূপ কুমাৰ দে’, উকীল মুছাহাৰী, ৰঞ্জিত বসুমতাৰী আৰু বিভাগীয় বিষয়াসকল উপস্থিত আছিল৷

Also Read: খুলিল আন্তঃজিলা যাতায়ত কিন্তু ৰাজহুৱা পৰিবহনত নিষেধাজ্ঞা

RELATED ARTICLES