peepl-small

ক’ভিড পৰিৱেশৰ সুযোগ লৈ সীমান্ত ঠেলি আহিছে মিজোৰামে

PUBLISHED:

উত্তৰ–পূবৰ ৰাজ্যসমূহ গঠন হোৱাৰ ক্ষেত্রত অসমে কাহানিও আপত্তি তোলা নাই৷ স্বাধীনতাৰ পাছত গঠন হোৱা এই ৰাজ্যসমূহৰ লগত অসমৰ সীমা নির্ধাৰণ কৰি থ’লে আজি সীমা বিবাদৰ সৃষ্টি নহ’লহেঁতেন৷ অসম বিধানসভাত শুকুৰবাৰে শেহতীয়া সীমা বিবাদক লৈ এইদৰে আক্ষেপ প্রকাশ কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

যোৱা ২৬ জুলাইত কাছাৰৰ লাইলাপুৰত সৃষ্টি হোৱা সীমা সংঘাতৰ পৰিণতিত অসমৰ ৬জনকৈ আৰক্ষী জোৱান নিহত হোৱা ঘটনাৰ লগতে চুবুৰীয়া মেঘালয়ৰ সৈতে হোৱা বিবাদ মীমাংসাৰ প্রক্রিয়া চলি থকাৰ মাজতে শুকুৰবাৰে বিধানসভাত সীমা সমস্যাক লৈ মুখ্যমন্ত্রীয়ে এক বিবৃতি দাঙি ধৰে৷ বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিনা সীমা সমস্যাক লৈ প্রদান কৰা

এই বিবৃতিতেই মুখ্যমন্ত্রীৰ মন্তব্য– স্বাধীনতাৰ কেইবাদশকৰ পাছতো প্রয়াত প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ কার্যকালত তিনিখনকৈ ৰাজ্য গঠন হ’ল৷ ঝাৰখণ্ড, উত্তৰাখণ্ড, ছত্তিশগড় এই তিনিখন ৰাজ্যৰ সীমাক লৈ কোনো সমস্যা নাই৷ শেহতীয়াকৈ অন্ধ্রপ্রদেশৰ পৰা তেলেংগানাৰ সৃষ্টি হ’ল৷ এই ৰাজ্য দুখনৰ মাজতো নাই সীমা বিবাদ৷ কিন্তু অসমক লৈ উত্তৰ–পূবৰ ৰাজ্যসমূহৰ এক দীঘলীয়া সীমা বিবাদ আজিও বিদ্যমান৷ দৰাচলতে উত্তৰ–পূবৰ ৰাজ্যসমূহ যাতে ঐক্যভাৱে নাথাকে অথবা শক্তিশালী হ’ব নোৱাৰে, সেই লক্ষ্যৰে যেন ৰাজ্যসমূহৰ মাজত সীমা নির্দিষ্ট কৰা নহ’ল৷ আমাক এনে এটা অৱস্থাৰ মাজত পেলাই থৈ গ’ল যে অর্থনৈতিকভাৱে আমি এই বিবাদৰ বাবে পিছপৰি থাকোঁ৷ কিন্তু ইয়াক আমি সমাধান কৰিব বিচাৰিছোঁ৷ বলপূর্বকভাৱে আমাৰ মাটি এৰি দিয়াৰ প্রশ্ণই নুঠে৷ অসমৰ লগত নাগালেণ্ড, অৰুণাচল প্রদেশ, মেঘালয় আৰু মিজোৰাম বর্তমানৰ সীমান্তক লৈ সন্তুষ্ট নহয়৷ তেওঁলোকে নতুনকৈ সীমা নির্ধাৰণ কৰাৰ দাবী তুলি আহিছে৷

নাগালেণ্ডক বাদ দি বাকী তিনিখন ৰাজ্যৰ সৈতে সীমা নির্ধাৰণ কৰা হৈছিল ঐতিহাসিক পটভূমিৰ আধাৰত৷ কিন্তু এই সাংবিধানিক সীমাক লৈয়ে এতিয়া বিবাদৰ সূত্রপাত হৈছে৷ সীমা নির্ধাৰণৰ ক্ষেত্রত সম্পূর্ণ কর্তৃত্ব কেন্দ্রীয় চৰকাৰ তথা সংসদৰ৷ কিন্তু আমি দীঘলীয়া এই সীমা সমস্যাৰ সমাধান বিচাৰিছোঁ৷ কিয়নো আমাক অর্থনৈতিক বিকাশ আৰু উন্নয়ন লাগে৷

মিজোৰামৰ সৈতে হোৱা শেহতীয়া সীমা বিবাদৰ প্রসংগ উত্থাপন কৰি মুখ্যমন্ত্রীয়ে কয়– যোৱা ২৬ জুলাইত কাছাৰৰ লাইলাপুৰত যি সংঘাত উদ্ভৱ হ’ল, তাৰ পূর্বেই ক’ভিড পৰিস্থিতিৰ সুযোগ লৈ মিজোৰামে সীমান্ত ঠেলি আহিছিল৷ মিজোৰামৰ লগত মূল বিষয়টো হ’ল– ইনাৰ লাইন ফৰেষ্টখন৷ যিখন সংৰক্ষিত বনাঞ্চল মিজোৰামে সম্পূর্ণৰূপে তেওঁলোকৰ বুলি দাবী কৰে৷ ক’ভিড পৰীক্ষাৰ বাবে মিজোৰামে সীমান্তত যি তালাচী চকী বহুৱাইছিল, পৰৱর্তী সময়ত সেই তালাচী চকীৰ জৰিয়তে তেওঁলোকে আগ্রাসন আৰম্ভ কৰে৷ বিষয়টোৰ ক্ষেত্রত মিজোৰাম চৰকাৰৰ সৈতে অসম চৰকাৰে আলোচনা কৰি সীমা সন্দর্ভত পূর্বৰ স্থিতি বর্তাই ৰখাৰ সিদ্ধান্ত লৈছিল৷ কিন্তু মিজোৰামে পূর্বৰ স্থিতিৰ পৰা আগুৱাই আহে আৰু অসমৰ সীমা দখল কৰে৷ যোৱা ২৬ জুলাইত সংঘটিত ঘটনাৰ পাছতো আজিও সীমান্তত ৪২জন আৰক্ষীৰ সৈতে বৰাকৰ আই জি পি সীমান্তত বহি আছে৷ দৰাচলতে উক্ত দিনা সংঘটিত হোৱা স্থান লাইলাপুৰ আৰু ৰেটিংবস্তিৰে কাছাৰলৈ সোমোৱা এটা ৰাস্তা নির্মাণৰ প্রস্তুতি চলাইছিল মিজোৰামে৷ ক’ভিড পৰিস্থিতিৰ সুযোগ লৈ চলোৱা এই চেষ্টাক অসম আৰক্ষীয়ে বাধা দিবলৈ সক্ষম হ’ল৷ সেয়াই নহয়, জুম খেতি কৰাৰ লক্ষ্যৰে মিজোৰামে ইনাৰ ফৰেষ্ট দখলৰ প্রস্তুতি চলাইছে৷ কিন্তু ইয়াৰ মাজতো অসম আৰক্ষীয়ে মিজোৰামৰ দখলত থকা ২০০ হেক্টৰ ভূমি দখলমুক্ত কৰিবলৈ সক্ষম হৈছে৷ আনকি কিছুদিন পূর্বে বোমাৰে মিজো দুর্বৃত্তই স্কুল ভাঙি যি তাণ্ডৱ চলাইছিল, সেই স্থানতো অসম আৰক্ষীয়ে এতিয়া বি অ’ পি স্থাপন কৰি মিজোৰ আগ্রাসনক প্রতিৰোধ কৰিছে৷ আমাৰ মূল কথা হ’ল– সংঘাতৰ পৰিৱর্তে দুয়োখন ৰাজ্যৰ মাজত পৰিস্থিতি স্বাভাৱিক কৰা আৰু মাটিক লৈ চলা বিবাদৰ অন্ত পেলাই এটা সাংস্কৃতিক সম্পর্ক গঢ় দিয়া৷

ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল হোৱা ৰাজহুৱা স্বার্থজড়িত গোচৰ সন্দর্ভত ন্যায়ালয়ে অসম আৰু মিজোৰামক শপতনামা দাখিল কৰিবলৈ দিছে৷ এই শপতনামাত ২৬ জুলাইত সংঘটিত ঘটনাৰ সৈতে একাংশ মিজো দুর্বৃত্ত জড়িত হৈ থকাৰ সকলো তথ্য অসমে উচ্চ ন্যায়ালয়ত দাখিল কৰিছে৷ মেঘালয়ৰ প্রসংগ উত্থাপন কৰি শুকুৰবাৰে মুখ্যমন্ত্রীয়ে সদনক জানিবলৈ দি কয়– মেঘালয়ৰ সৈতে আমাৰ সীমা বিবাদ মিজোৰামৰ দৰে জটিল হৈ উঠা নাই৷ যথেষ্ট নিম্ন পর্যায়ত এই সীমা বিবাদ আছে৷ চুবুৰীয়া ৰাজ্যখনৰ সৈতে ১২টা স্থানত এখন–দুখন গাঁৱক লৈ সমস্যা আৰম্ভ হৈছে৷ এই বিষয়টো এক সৌহার্দ্যপূর্ণ পৰিৱেশত সমাধান কৰিব পৰা যাব৷ মুখ্যতঃ কামৰূপ, কামৰূপ মহানগৰ আৰু কার্বি আংলং জিলাত সীমা সমস্যা সৃষ্টি হৈছে৷ সেইদৰে মেঘালয়ৰ পশ্চিম খাচী জিলা, জয়ন্তীয়া জিলা আৰু ৰিভই জিলাৰ দুই–এখন গাঁৱক লৈ সীমা সমস্যাৰ উদ্ভৱ হৈছে৷ ইয়াৰ বাবে শেহতীয়াকৈ মুখ্যমন্ত্রী পর্যায়ত হোৱা আলোচনাত দুয়োপক্ষই তিনিওখন জিলাৰ মুঠ ৬টা স্থানত বৈঠক অনুষ্ঠিত কৰাৰ বাবে তিনিখনকৈ কমিটী গঠন কৰিছে৷ অসমৰ তৰফৰ পৰা এই তিনিখন কমিটী মন্ত্রী অতুল বৰা, চন্দ্রমোহন পাটোৱাৰী আৰু পীয়ূষ হাজৰিকাক দায়িত্ব অর্পণ কৰা হৈছে৷

মুখ্যমন্ত্রীয়ে ইয়াকো কয় যে শেহতীয়াকৈ মেঘালয়ে কইনাধৰাৰ ওচৰত ড্র’ন উৰুওৱাক লৈ যি বিতর্ক সৃষ্টি হৈছে, তাক লৈ উদ্বিগ্ণ হোৱাৰ প্রয়োজন নাই৷ কিয়নো মেঘালয়ে অসম চৰকাৰৰ অনুমতি লৈহে ড্র’ন উৰুৱাইছে৷ অসমেও এইধৰণৰ পদক্ষেপ গ্রহণ কৰিব পাৰিব৷ আনহাতে, অৰুণাচলৰ সৈতে হোৱা সীমা সংঘাতৰ বিষয়টো সন্দর্ভত অৰুণাচলৰ সৈতে ১,২০০টা অঞ্চলক লৈ বিবাদ আছে৷ আনহাতে, নাগালেণ্ডৰ লগত বর্তমান পূর্বৰ স্থিতি বজাই ৰখাৰ সিদ্ধান্ত লোৱা হৈছে৷ শেহতীয়াকৈ দিচৈ ভেলীক লৈ নাগালেণ্ড আৰু অসম চৰকাৰে এক যুটীয়া সিদ্ধান্তত উপনীত হৈছে৷ আমাৰ মূল লক্ষ্য হ’ল– চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে সীমা বিবাদ পৰিহাৰ কৰি এক শান্তিৰ বাতাৱৰণ গঢ়ি তোলা৷ নাগালেণ্ডৰ সৈতে পৰিৱেশ কিছু স্বাভাৱিক কৰা হৈছে আৰু মিজোৰামৰ লগত বর্তমানৰ পৰিৱেশ কিছু স্বাভাৱিক হ’লে আলোচনাৰ জৰিয়তে সীমা বিবাদৰ বুজাবুজি সম্ভৱ হ’ব৷

RELATED ARTICLES