peepl-small

অজন্তা বৰগোহাঁই ৰাজকোঁৱৰক অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচার্য নিযুক্তি

PUBLISHED:

বিশিষ্ট শিক্ষাবিদ ড০ অজন্তা বৰগোহাঁই ৰাজকোঁৱৰক অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচার্য ৰূপে নিযুক্তি দিয়া হৈছে৷ ডিব্রুগড় বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপিকা তথা স্কুল অৱ কমার্চ এণ্ড মেনেজমেণ্টৰ প্রাক্তন ডীন ড০ অজন্তা বৰগোহাঁই ৰাজকোঁৱৰে ইতিপূর্বে চেণ্টাৰ ফৰ মেনেজমেণ্ট ষ্টাডিজৰ মুৰব্বী হিচাপেও কার্যনির্বাহ কৰিছে৷

গ্রেট ব্রিটেইন, আমেৰিকা যুক্তৰাষ্ট্র আৰু কানাডাত আন্তঃৰাষ্ট্রীয় গৱেষণাৰ সৈতে জড়িত বিশিষ্ট শিক্ষাবিদগৰাকী বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউ জি চি) আৰু ‘নাক’ৰ সদস্য আছিল৷ ড০ অজন্তা বৰগোহাঁই ৰাজকোঁৱৰে যোগদান কৰাৰ পৰা পাঁচ বছৰৰ বাবে অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচার্য পদত কার্যনির্বাহ কৰিব বুলি ৰাজভৱনৰ এক নির্দেশনাত কোৱা হৈছে৷

RELATED ARTICLES