peepl-small

খুলিল আন্তঃজিলা যাতায়ত কিন্তু ৰাজহুৱা পৰিবহনত নিষেধাজ্ঞা

PUBLISHED:

আজি প্ৰকাশ পালে নতুন এছঅপি। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদমেল সম্বোধন কৰি আজি প্ৰকাশ কৰে নতুন এছঅপি। ৰাজ্যত সাম্প্ৰতিক ক’ভিড পৰিস্থিতি সামান্য উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যজুৰি নৈশ সান্ধ্যআইনৰ সময়সীমা এঘণ্টাৰ বাবে বৃদ্ধি কৰা হৈছে। যাৰ ফলত বুধাবৰৰ পৰা নিশা ৭ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈকে সান্ধ্যআইন বাহাল থাকিব।

ইপিনে আন্তঃজিলা যাতায়তৰ ক্ষেত্ৰত পূৰ্বতে থকা নিষেধাজ্ঞাত আজি কিছু শিথিলতা প্ৰদান কৰা হয়। সেই অনুসৰি কামৰূপ মহানগৰ জিলাক বাদ দি সকলো জিলাতে প্ৰযোজ্য হোৱাকৈ ব্যক্তিগত যান-বাহনেৰে আন্তঃজিলা যাতায়তত অনুমতি প্ৰদান কৰা হয়।

বিপৰীতে ৰাজহুৱা পৰিবহন বা যাত্ৰী পৰিবাহী বাহনেৰে আন্তঃজিলা যাতায়তৰ ক্ষেত্ৰত নিষেধাজ্ঞা বাহাল থাকিব।

আনহাতে কামৰূপ মহানগৰ জিলাৰ পৰা আন জিলালৈ আৰু আন জিলাৰ পৰা কামৰূপ মহানগৰ জিলালৈ আহ-যাহত নিষেধাজ্ঞা বাহাল থাকিব।

ইয়াৰোপৰি পূৰ্বে থকা যুগ্ম-অযুগ্ম সংখ্যাৰ বাহন চলাচলৰ নিয়ম আজিৰে পৰা বাতিল কৰা হয়।

RELATED ARTICLES