peepl-small

বোকাজানত চেইন টানি ৰে’লযাত্রীৰ পলায়ন

PUBLISHED:

গুৱাহাটীঃ  মাৰাত্মক ক’ৰোনা সংক্রমণ ৰোধ কৰাৰ বাবে চৰকাৰে ব্যাপক সতর্কতামূলক ব্যৱস্থা হাতত লোৱাৰ বিপৰীতে একাংশ কাণ্ডজ্ঞানহীন লোকৰ কেতবোৰ কর্মকাণ্ডই ক’ভিডকেন্দ্রিক পৰিস্থিতিক অধিক জটিল কৰি তোলাৰ আশংকা বৃদ্ধি কৰিছে৷ অসম–নাগালেণ্ড সীমান্তৱর্তী বোকাজান এলেকাত আজি সংঘটিত হোৱা এনে এক ভয়ংকৰ ঘটনাই আজি সমগ্র এলেকাটোতে তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে বিহাৰৰ পৰা তিনিচুকীয়া অভিমুখী উজনিমুৱা ৰে’লখনৰ যাত্রীয়ে চেইন টানি পলায়নৰ চেষ্টা কৰা ঘটনাই আজি ক’ভিডৰ ব্যাপক সংক্রমণ হোৱা বোকাজান এলেকাত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰে৷

প্রাপ্ত তথ্য অনুসৰি, বিয়লিৰ ভাগত বিহাৰৰ পৰা তিনিচুকীয়া অভিমুখে আহি থকা উজনিমুৱা ৰাজিন্দৰ নগৰ এক্সপ্রেছখন বোকাজান থানাৰ অন্তর্গত মাটিপুলত আহি উপস্থিত হোৱাৰ সময়তে ৰে’লযাত্রী হিচাপে অহা একাংশই চেইন টানি ৰখাই ৰে’লৰ পৰা পলায়ন কৰে৷ ৰে’লযাত্রীসকলৰ এনে আচৰণ প্রত্যক্ষ কৰি ইয়াৰে ১৭জন লোকক আৰক্ষীয়ে স্থানীয় লোকৰ সহযোগত আটক কৰাৰ বিপৰীতে আন ভালেকেইগৰাকী পলাই সাৰিবলৈ সক্ষম হয়৷ আটক হোৱা লোকসকলৰ মাজত ছগৰাকী চি আৰ পি এফৰ জোৱান৷

বোকাজান থানাৰ ভাৰপ্রাপ্ত বিষয়া ডিম্বেশ্বৰ ঠাকুৰীয়াই লগে লগে ঘটনাস্থলীত উপস্থিত হৈ ধৃত আটাইকেইগৰাকী ৰে’লযাত্রীকে ক’ভিডৰ পৰীক্ষা কৰোৱাৰ লগতে আটাইকেইজনকে ৰে’ল আৰক্ষীক গতাই দিয়ে৷ লগতে এনেদৰে ৰে’লৰ পৰা পলাবলৈ খোজা সকলো যাত্রীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰা হ’ব বুলিও আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে৷ উল্লেখ্য যে ক’ৰোনাজনিত পৰিস্থিতিৰ বাবে ৰাজিন্দৰ নগৰ এক্সপ্রেছ ৰে’লগাডীখন ডিমাপুৰত ৰখোৱাৰ অনুমতি নিদিয়াৰ লগতে বোকাজানতো ইয়াৰ ষ্টেচন নোহোৱাৰ পৰিপ্রেক্ষিতত ইয়াৰ পৰিৱর্তে ষ্টেচন গোলাঘাট জিলাৰ ফৰকাটিং৷ তেনে পৰিস্থিতিত এইসকল যাত্রীয়ে ডিমাপুৰলৈ যোৱাৰ উদ্দেশ্যেই এই ঘটনা সংঘটিত কৰা বুলি অনুমান কৰা হৈছে৷ ধৃত আটাইকেইগৰাকী লোকেই নাগালেণ্ডত কাম কৰাৰ বাবে অহা৷

RELATED ARTICLES