peepl-small

সন্তোষ প্রসাদৰ হত্যাকাণ্ড: পাঁচ অভিযুক্তক জে’ললৈ

PUBLISHED:

গুৱাহাটী: মালিগাঁৱৰ ৰে’লৱে কোৱার্টাৰত ছুপাৰী কিলাৰৰ সহযোগত সন্তোষ প্রসাদক হত্যাৰ অভিযোগত ৫ অভিযুক্তক জালুকবাৰী আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল৷ আজি ৫ অভিযুক্তক আৰক্ষীয়ে জে’ললৈ প্রেৰণ কৰে৷

মালিগাঁৱৰ গোটানগৰস্থিত ৰে’লৱে কোৱার্টাৰ ৫৫(বি)ত সন্তোষ প্রসাদক দুই ছুপাৰী কিলাৰ সাগৰ বাছফৰ আৰু ৰোহন শীলৰ সহযোগত মোহন গিৰি আৰু সূৰয গিৰিয়ে পত্নী গীতা গিৰি প্রসাদৰ জ্ঞাতসাৰে অতি পৰিকল্পিতভাৱে হত্যা কৰিছিল৷

শৰাইঘাট দলঙৰ পৰা ব্রহ্মপুত্রত ট্রাংকত ভৰাই অনা সন্তোষ প্রসাদৰ মৃতদেহ পেলাবলৈ লোৱাৰ সময়তে আৰক্ষীয়ে মোহন গিৰিক আটক কৰিবলৈ সক্ষম হৈছিল৷
মোহনৰ স্বীকাৰোক্তিৰ ভিত্তিত এই হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত সন্তোষৰ পত্নী গীতা গিৰি প্রসাদ, মোহন, সূৰয, দুই ছুপাৰী কিলাৰ সাগৰ আৰু ৰোহনক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল৷ জেৰাৰ অন্তত আজি আৰক্ষীয়ে ৫ অভিযুক্তক জে’ললৈ প্রেৰণ কৰে৷

RELATED ARTICLES