peepl-small

জনপ্ৰিয় কণ্ঠশিল্পী মনোৰঞ্জন গগৈৰ মৃত্যু

PUBLISHED:

গুৱাহাটী:“বিহুতলীলৈ আহিলা, বুকুৰ মৰম যাচিলা…” – বহু চিৰসেউজ গীতত কণ্ঠদান কৰা জনপ্ৰিয় কণ্ঠশিল্পী মনোৰঞ্জন গগৈ আৰু নাই। ডাম্পাৰৰ খুন্দাত নিহত হয় গগৈ।

দুৰ্ঘটনাৰ পিছত ততালিকে তেওঁক স্বাগত হাস্পতাললৈ নিয়া হৈছিল যদিও চিকিৎসালয়তে আজি পুৱা ৯.৩০ বজাত তেওঁৰ মৃত্যু ঘটে।

ইপিনে, মনোৰঞ্জন গগৈৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে ৰাজ্যৰ শিল্পীসমাজে। বহুকেইগৰাকী শিল্পীয়ে প্ৰয়াত গগৈৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা জনোৱাৰ উপৰি শোকসন্তপ্ত পৰিয়ালবর্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷

RELATED ARTICLES