peepl-small

আনুষংগিক ৰোগ থকা ক’ৰোনা আক্রান্ত থাকিব নোৱাৰিব হোম আইছ’লেচনত

PUBLISHED:

গুৱাহাটীঃ ৰাজ্যত ক’ভিড সংক্রমণৰ হাৰ হ্রাস হৈছে যদিও মৃত্যুৰ হাৰে চিন্তিত কৰি ৰাখিছে স্বাস্থ্য বিভাগক৷ যোৱা সময়ছোৱাত ক’ভিডত মৃত্যু হোৱা লোকৰ হাৰ ৫ শতাংশৰ তলত আছিল যদিও প্রায় প্রতি দিনে অর্ধশতাধিক লোকৰ মৃত্যু হৈ আছে৷ মৃত্যুৰ হাৰ অধিক হ্রাস কৰাৰ লক্ষ্যৰে জটিল ৰোগত ভুগি থকা (কোমর্বিডিটী) লোকক হোম আইছ’লেচনৰ পৰিৱর্তে ক’ভিড কেয়াৰ চেণ্টাৰ অথবা চিকিৎসালয়ত ভর্তি কৰোৱাৰ ব্যৱস্থা লৈছে স্বাস্থ্য বিভাগে৷

শুকুৰবাৰে বিষয়টো সন্দর্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ এক পর্যালেচনা বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকতে মুখ্যমন্ত্রীয়ে এনেধৰণৰ ৰোগীক হোম আইছ’লেচনৰ অনুমতি নিদিবলৈ স্বাস্থ্য বিভাগক নির্দেশ দিয়ে৷ মুখ্যমন্ত্রীৰ এই নির্দেশৰ পাছতেই এখন সংবাদ মেলত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই উল্লেখ কৰে যে যিকোনো বয়সৰ জটিল ৰোগত ভুগি থকা ক’ৰোনা আক্রান্তই এতিয়াৰে পৰা হোম আইছ’লেচনত থাকিব নোৱাৰিব৷ মৃত্যুৰ হাৰ হ্রাস কৰাৰ লক্ষ্যৰে এই লোকসকলক ক’ভিড কেয়াৰ চেণ্টাৰ অথবা চিকিৎসালয়ত ভর্তি কৰোৱাৰ সিদ্ধান্ত লৈছে বিভাগে৷

পূর্বে ৫০ বছৰ বা ইয়াৰ ঊর্ধ্বৰ ব্যক্তিসকলক হোম আইছ’লেচনৰ অনুমতি দিয়া হোৱা নাছিল৷ এতিয়াৰে পৰা এই বয়সৰ লোকৰ লগতে জটিল ৰোগত ভুগি থকা যিকোনো ক’ৰোনা আক্রান্তক হোম আইছ’লেচনৰ পৰিৱর্তে চিকিৎসালয় অথবা ক’ভিড কেয়াৰ চেণ্টাৰলৈ অনা হ’ব৷

ইফালে ভেকচিন প্রদানৰ ক্ষেত্রত হোৱা বিলম্বৰ দিশটোৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে বয়স্ক, শাৰীৰিকভাৱে দুর্বল আৰু দিব্যাংগ লোকসকলক ঘৰৰ ওচৰতেই ভেকচিন দিয়াৰ ব্যৱস্থা হাতত লৈছে৷ স্বাস্থ্যমন্ত্রী মহন্তই আজি এই সন্দর্ভত কয়– বয়স্ক লোকসকলে দীর্ঘসময় ভেকচিন ল’বৰ বাবে শাৰী পাতি থকা স্বাস্থ্য বিভাগৰ দৃষ্টিগোচৰ হৈছে৷ এনে বয়সৰ বহু লোকে ভেকচিন ল’বলৈ কেন্দ্রলৈ যোৱাত সন্মুখীন হোৱা সমস্যাকো স্বাস্থ্য বিভাগে গুৰুত্ব সহকাৰে লৈছে৷ সেয়েহে এই লোকসকলৰ লগতে কোনো যদি শাৰীৰিকভাৱে দুর্বল লোক আছে আৰু বিদ্যাংগ লোকসকলক ঘৰৰ সমুখতেই ভেকচিন দিয়াৰ বাবে পদক্ষেপ লোৱা হ’ব৷ অর্থাৎ এনেধৰণৰ কোনো লোকে এতিয়াৰে পৰা ভেকচিনৰ বাবে সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয়৷

RELATED ARTICLES