peepl-small

আজি নতুন SOP, খুলিব নেকি আন্তঃজিলা যাতায়াত?

PUBLISHED:

আজিৰে পৰা ৰাজ্যত বলৱৎ হব নতুন এছঅ’পি। শেহতীয়াকৈ সংবাদ মাধ্যমৰ সন্মুখত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কৈছিল যে ১৬ আগষ্টত প্ৰকাশ পাবলগীয়া নতুন এছঅ’পিয়ে ৰাইজৰ মাজলৈ আশা কঢ়িয়াই আনিব।

বিশেষকৈ ৰাজ্যত ক’ভিডৰ সংক্ৰমণ হ্ৰাস পোৱাৰ বাবে আজি প্ৰকাশ পাবলগীয়া এই এছঅপিক লৈ আশাৰে বাট চাইছে সৰ্বসাধাৰণ জনতাই।

আজি প্ৰকাশ পাবলগীয়া এছঅপিত হয়টো মাহৰ পাছত মাহ ধৰি বন্ধ হৈ থকা আন্তঃজিলা যাতায়াত মুকলি হোৱাৰ সম্ভৱণা থাকিব পাৰে।

লগতে ছেপ্টেম্বৰৰ পহিলা সপ্তাহৰ পৰায়ে শিক্ষানুষ্ঠানত চূড়ান্ত বৰ্ষৰ পাঠদানৰ ইংগিত পোৱা গৈছে।

ইপিনে সমগ্ৰ ৰাজ্যত বিয়লি ৫ বজাৰ পৰিৱৰ্তে সন্ধিয়া ৬ বজালৈ দোকান-পোহাৰ খোলাৰ সম্ভাৱণা।

ইয়াৰোপৰি সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বলৱতৰ সম্ভৱণা।

 

RELATED ARTICLES