peepl-small

ক’ত গ’ল অপহৃত ৰিতুল শইকীয়া?

PUBLISHED:

গুৱাহাটীঃ অৱশেষত সোঁশৰীৰে ঘৰলৈ উভতিল আলফা স্বাধীনৰ দ্বাৰা অপহৃত অ’এনজিচিৰ দুই কৰ্মচাৰী-অলকেশ শইকীয়া আৰু মোহিনী মোহন গগৈ। কিন্তু এতিয়াও সন্ধান নাই আনজন অপহৃত-ৰিতুল শইকীয়াৰ।

নাগালেণ্ডৰ এক দুৰ্গম স্থানত সেনা আৰু আলফাৰ অপহৰণকাৰী দলটোৰ মাজত হৈছিল সংঘৰ্ষ। দুই পক্ষৰ মাজত চলা প্ৰচণ্ড গুলীয়াগুলীৰ মাজতে নিৰুদ্দিষ্ট হৈছিল ৰিতুল শইকীয়া। গুলীয়াগুলীৰ পূৰ্বে তিনিওগৰাকী অপহৃত কৰ্মচাৰী একেলগে আছিল। সংঘৰ্ষৰ মাজতে তিনিওজন বিচ্ছিন্ন হৈ পৰিছিল। এই কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে অলকেশ শইকীয়া আৰু মোহিনী মোহন গগৈয়ে।

অ’এনজিচিৰ কৰ্মচাৰী ৰিতুল শইকীয়াৰ ঘৰখনত এতিয়া বিৰাজ কৰিছে শোকাকুল পৰিৱেশ। ৰিতুলৰ পিতৃৰ আহ্বান-আমাৰ ল’ৰাক ভালে-কুশলে ঘৰলৈ পঠিয়াই দিয়ক।

RELATED ARTICLES