peepl-small

ৰাষ্ট্ৰীয় ঘাইপথত ৬০ কিঃমিঃ গতিবেগ বৃদ্ধিৰ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ

PUBLISHED:

ৰাষ্ট্রীয় ঘাইপথৰ দুৰৱস্থা আৰু বিভিন্ন স্থানত টোলগেটৰ অত্যধিক মাচুলে জলাকলা খুওৱা ৰাজ্যবাসীৰ বাবে আন এক আতংকৰ কাৰণ হৈ পৰিছে পৰিবহণ বিভাগৰ ইণ্টাৰচেপ্টৰসমূহ ৷ দুর্ঘটনা প্রতিৰোধৰ নামত ৰাষ্ট্রীয় ঘাইপথসমূহত পৰিবহণ বিভাগে সংযোজন কৰা ইণ্টাৰচেপ্টৰসমূহৰ বাবে গম নোপোৱাকৈয়ে একাংশ চালকে ভৰিবলগীয়া হৈছে বৃহৎ পৰিমাণৰ জৰিমনা৷ ৰাজ্যৰ প্রায় প্রতিটো ৰাষ্ট্রীয় ঘাইপথৰ বিভিন্ন স্থানত পৰিবহণ বিভাগে ব্যৱহাৰ কৰা ইণ্টাৰচেপ্টৰ সমূহৰ বাবে অত্যধিক জৰিমনা ই–চালানযোগে লাভ কৰাৰ পাছত সৃষ্টি হৈছিল ব্যাপক প্রতিক্রিয়া৷

এই ক্ষেত্ৰত মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিছে কিছু পৰিমাণে সকাহ। ৪০ ৰ বিপৰীতে ৬০ লৈকে Speed Limit বান্ধি দিয়াৰ পৰামৰ্শ মুখ্যমন্ত্ৰী দিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

প্ৰথমে জৰিমনা নহয়, দিয়া হ’ব জাননী, দ্বিতীয় বাৰহে জৰিমনা দিব লাগিব বুলিও জনায় মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে  দুৰ্ঘটনাত পতিত হৈ প্ৰতিবছৰে বহুলোকৰ মৃত্যু হয় যাৰ পৰিপেক্ষিতত পৰিবহণ বিভাগে অঞ্চলভেদে ৰাষ্ট্রীয় ঘাইপথসমূহত গাড়ী চলোৱাৰ ক্ষেত্রত ভিন ভিন গতিবেগ নির্ধাৰণ কৰি দিছে৷ অধিকাংশ ৰাষ্ট্রীয় ঘাইপথতে গতিবেগ সর্বোচ্চ ৪০ কিলোমিটাৰ প্রতিঘণ্টা নির্ধাৰণ কৰা হৈছে৷

RELATED ARTICLES