peepl-small

গৰুখুঁটি কৃষি প্রকল্পৰ সফলতাই অসম চুক্তি বাস্তৱায়িত কৰাৰ পথ

PUBLISHED:

‘অসম চুক্তি কার্যকৰী কৰাৰ ক্ষেত্রত কিছু অশুভ শক্তিয়ে বাধা প্রদান কৰাৰ বাবে আমি সফল হ’ব পৰা নাছিলোঁ৷ ফলত অসম আন্দোলনৰ শ্বহীদসকলৰ পৰিয়াল আৰু ৰাইজো অসন্তুষ্ট হৈ পৰিছিল৷ কিন্তু ড০ হিমন্ত বিশ্ব শর্মা মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হোৱাৰ পিছত আশাৰ ৰেঙনি দেখিছোঁ৷ ছিপাঝাৰৰ গৰুখুঁটি কৃষি প্রকল্পৰ জৰিয়তে শ্বহীদসকলৰ প্রতি শ্রদ্ধা জনোৱাৰ সুৱর্ণ সুযোগ পাইছেছা৷ এই প্রকল্পৰ সফলতা–বিফলতাৰ ওপৰতেই নির্ভৰ কৰিব অসম চুক্তি বাস্তৱায়িত কৰাৰ পথ৷’– এই ভাষ্য গৰুখুঁটি কৃষি প্রকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাৰ৷

বৃহস্পতিবাৰে মঙলদৈ সনাতন ধর্ম সভাৰ প্রেক্ষাগৃহত অবিভক্ত দৰং জিলাৰ অসম আন্দোলনৰ নেতা–কর্মীক একত্রিত কৰি আন্দোলনকাৰী ক্রমে ভার্গৱ কুমাৰ দাস, নৱ কুমাৰ ডেকা, হীৰেন চহৰীয়া, ডালিম বায়নে আয়োজন কৰা এখন ৰাজহুৱা সভাত তেওঁ কয়– আমাৰ বাবে দুর্ভাগ্যজনক বিষয় যে অসম আন্দোলনৰ পিছত আমি খেতিপথাৰৰ পৰা আঁতৰি আহিলোঁ আৰু সেই স্থান দখল কৰিলে পূর্ববংগীয় মূলৰ লোকে৷ লাহে লাহে পথাৰ, বজাৰ আমাৰ হাতৰ পৰা গুচি গ’ল৷ কিন্তু অসম আন্দোলনৰ ইতিহাস বিজড়িত গৰুখুঁটি–ধলপুৰৰ পৰাই এক ন–উদ্যমেৰে, দীর্ঘম্যাদী চিন্তা আৰু পৰিকল্পনাৰে আমি আগবাঢ়িব লৈছেছা৷ ধলপুৰক এক মডেল হিচাপে লৈ গোটেই অসমতে পথাৰৰ লগতে বজাৰ দখল কৰা হ’ব৷

ইতিমধ্যে ১০০জন যুৱক–যুৱতীৰ প্রশিক্ষণ সেনা বাহিনীৰ জৰিয়তে আৰম্ভ হৈছে৷ ট্ৰেক্টৰ চলোৱাৰ প্রশিক্ষণ ল’বলৈ ১৮জন যুৱকৰ লগতে তিনিগৰাকী যুৱতীও বিশ্বনাথ চাৰিআলিলৈ গৈছে৷ এয়া আমাৰ বাবে ভাল খবৰ বুলি সদৰী কৰে পদ্ম হাজৰিকাই৷ নিজকে দৰঙী সন্তান বুলি উল্লেখ কৰি তেওঁ লগতে কয়, অচিৰেই দৰং আৰু ওদালগুৰি জিলাৰ আটাইকেইটা সমষ্টিত থকা খালী ভূমিত আৰম্ভ হ’ব কৃষি বিপ্লৱ৷ তেওঁ লগতে প্রকল্পত জডিত হ’বলৈ বিজেপিত যোগদান কৰিব লাগিব বুলি কথা নাই৷ ৰাজনীতিৰ ঊর্ধ্বত এই প্রকল্প আগবঢ়াই নি দেশৰ ৫খন উন্নত ৰাজ্যৰ এখন কৰা হ’ব অসমক৷ ভার্গৱ কুমাৰ দাসে আঁত ধৰা সভাত ছিপাঝাৰৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে অসম চুক্তিৰ ৬নং দফা কার্যকৰীকৰণৰ স্বার্থত অসম সাহিত্য সভাৰ সভাপতি পদৰ পৰা ৰাজনীতিত প্রৱেশ কৰাৰ কথা উল্লেখ কৰি কয়, মই কাকো অনুৰোধ কৰি নির্বাচনৰ টিকট লোৱা নাই৷ মোক অগপৰ অতুল বৰা, কেশৱ মহন্ত আৰু দিল্লীৰ এক উচ্চস্তৰীয় গোটে ৰাজনীতিত প্রৱেশ কৰোৱাইছে৷ অসম চুক্তি সার্থক কৰি শ্বহীদৰ ত্যাগক সন্মান জনাব আহিছোঁ৷ সভাত অসম আন্দোলনৰ সতীর্থ প্রেমেশ্বৰ শর্মা, গোপাল হাজৰিকাই দুষাৰ কয়৷

RELATED ARTICLES