peepl-small

মঙলবাৰে চূড়ান্ত হ’ব মেট্ৰিক-উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ নিৰ্দেশাৱলী

PUBLISHED:

গুৱাহাটীঃ মঙলবাৰে এক বৈঠকত চূড়ান্ত কৰা হ’ব হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ পৰীক্ষা সন্দৰ্ভত নিৰ্দেশাৱলী।
বিভিন্ন দল-সংগঠন, বুদ্ধিজীৱী, প্ৰশাসন, স্বাস্থ্য আৰু পৰিবহণ বিভাগৰ সৈতে শিক্ষা বিভাগে পুৱা ১১ বজাত জনতা ভৱনত এই গুৰুত্বপূৰ্ণ বৈঠকত ভাগ ল’ব বুলি জনাইছে মন্ত্ৰী ডা০ ৰণোজ পেগুৱে।
অহা ১৫-১৬ জুনৰ ভিতৰত ক’ভিড পৰিস্থিতিৰ উন্নতি ঘটিব বুলিও আশা ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে।
“সকলোকে মিলি পেলাই কাইলৈ এখন আমি সভা পাতিছোঁ। তাত যি সহমতত উপনীত হওঁ, তাৰ ভিত্তিত পৰীক্ষাৰ কাৰণে নতুন ‘SOP’ হ’ব। কিছুমান বিধি-ব্যৱস্থা থাকিব।” — এনেদৰে প্ৰকাশ কৰে ডা০ পেগুৱে।

RELATED ARTICLES