peepl-small

মেট্রিক–উচ্চতৰ মাধ্যমিক পৰীক্ষা পতা অসম্ভৱ

PUBLISHED:

গুৱাহাটী: এই বছৰৰ মেট্রিক–হাইমাদ্রাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাক লৈ অনিশ্চয়তা এতিয়াও আঁতৰা নাই৷ সাম্প্রতিক ক’ভিড পৰিস্থিতিৰ পৰিপ্রেক্ষিতত অসম মন্ত্রীসভাৰ অনুষ্ঠিত কেবিনেট বৈঠকে সাধাৰণ পৰীক্ষাৰ মডেলিটীৰ মাজেৰে এইবাৰ পৰীক্ষা অনুষ্ঠিত কৰাটো সম্ভৱ নহয় বুলি মত পোষণ কৰে৷ অৱশ্যে অহা ১৮ জুনত শিক্ষা বিভাগে বিভিন্ন দল–সংগঠনকে ধৰি সকলো পক্ষৰ সৈতে আলোচনাৰ মাধ্যমেৰে এই সংক্রান্তত চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব৷

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত এখন সংবাদ মেলত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই কয় যে মেট্রিক, হাইমাদ্রাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰা সন্দর্ভত আজিৰ কেবিনেটত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এক প্রেজেণ্টেচন দাঙি ধৰা হয়৷ শিক্ষা বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি এইবাৰ চাৰি লাখ ৪০ হাজাৰ শিক্ষার্থীয়ে মেট্রিক আৰু হাইমাদ্রাছা পৰীক্ষাত অৱতীর্ণ হ’ব৷ সেইদৰে আঢ়ৈ লাখ ছাত্র–ছাত্রীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীর্ণ হ’ব৷ অর্থাৎ এই তিনিটা পৰীক্ষাত প্রায় সাত লাখ ছাত্র–ছাত্রী অৱতীর্ণ হ’ব৷ পৰীক্ষার্থীসকলৰ লগত এজনকৈ অভিভাৱক অহাৰ লগতে যান–বাহন, নিৰাপত্তাৰক্ষী, শিক্ষক–শিক্ষয়িত্রী, পৰিদর্শককে ধৰি প্রায় ২০ লাখৰ ওপৰত জনসমাগম হ’ব৷ কিন্তু যোৱা মে’–জুন মাহত ৰাজ্যখনত 2০ৰ পৰা ১৮ বছৰ বয়সৰ ১৪.৮ শতাংশ লোক ক’ভিডত সংক্রমিত হৈছে৷ ১১ বছৰ বয়সৰ পৰা ১৮ বছৰ বয়সৰ ১০ শতাংশ লোক ক’ভিডত আক্রান্ত হয়৷ সংখ্যা হিচাপত সেই বয়সৰ ২৫ হাজাৰ লোক সংক্রমিত হৈছে৷ তদুপৰি কামৰূপ মেট্র’ জিলাৰ বাহিৰে সংক্রমণ ক’তো কমা নাই৷ প্রত্যেকতে সংক্রমণ বাঢ়ি আছে৷ পৰীক্ষণৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবেই আক্রান্তৰ হাৰ হ্রাস পাইছে যদিও সংখ্যাৰ দিশেৰে প্রত্যেকখন জিলাতেই আক্রান্তৰ সংখ্যা বৃদ্ধি পাই আহিছে৷ সেয়ে এই পৰিস্থিতিৰ পৰিপ্রেক্ষিতত সাধাৰণ পৰীক্ষাৰ মডেলিটীৰে পৰীক্ষা অনুষ্ঠিত কৰাটো সম্ভৱ নহ’ব বুলি আজিৰ কেবিনেটে পৰামর্শ আগবঢ়ায়৷

অহা ১৮ জুনত শিক্ষা বিভাগে সকলো পক্ষৰ সৈতে আলোচনাৰ মাধ্যমেৰে এই সংক্রান্তত চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব বুলি স্বাস্থ্যমন্ত্রী মহন্তই প্রকাশ কৰে৷ মহন্তৰ মতে, শিক্ষা বিভাগে এই পৰীক্ষা বিষয়ৰ সৈতে জড়িত আছুকে ধৰি বিভিন্ন ছাত্র সংগঠন, দল, অভিভাৱক আদিৰ লগত আলোচনা কৰি চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব৷ মন কৰিবলগীয়া এয়ে যে সাম্প্রতিক ক’ভিড পৰিস্থিতিৰ পৰিপ্রেক্ষিতত স্বাস্থ্য বিভাগে যে এই মুহূর্তত মেট্রিক, হাইমাদ্রাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ পোষকতা কৰা নাই, সেয়া আজিৰ কেবিনেটত বিভাগটোৱে আগবঢ়োৱা প্রেজেণ্টেচনতে স্পষ্ট হৈ পৰিছে৷ আনকি কেবিনেটেও এনে পৰিৱেশত পৰীক্ষা অনুষ্ঠিত কৰাটো সম্ভৱ নহয় বুলি মত পোষণ কৰাটোও তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷ এনে অৱস্থাত অহা ১৮ জুনত শিক্ষা বিভাগে বিভিন্ন পক্ষৰ সৈতে আলোচনাত মিলিত হৈ কি সিদ্ধান্ত গ্রহণ কৰে, সেয়াহে লক্ষণীয় হ’ব৷

ছেবা–কাউন্সিল, আছু–এবছু, সাহিত্য সভাৰ মতামত লৈ চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব শিক্ষা বিভাগেঃ ডাঃ পেগু
ছেবা–কাউন্সিল, আছু–এবছু, সাহিত্য সভা আদিৰ সৈতে মত বিনিময় কৰি মেট্রিক, হাইমাদ্রাছা, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰা–নকৰা সম্পর্কত শিক্ষা বিভাগে চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব৷ –এই ভাষ্য শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ৷ আজি অনুষ্ঠিত অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকে সাম্প্রতিক ক’ভিড পৰিস্থিতিৰ পৰিপ্রেক্ষিতত মেট্রিক, হাইমাদ্রাছা, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ আগবঢ়োৱা পৰামর্শৰ পৰিপ্রেক্ষিতত সংবাদ মাধ্যমৰ আগত শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে উক্ত পৰীক্ষাসমূহ ছেবা আৰু কাউন্সিলে অনুষ্ঠিত কৰে৷ তেওঁলোক স্বতন্ত্র সংস্থা৷ কেবিনেটে যিহেতু এই মুহূর্তত পৰীক্ষা অনুষ্ঠিত কৰাটো অনুমতিযোগ্য নহয় বুলি কৈছে, সেয়ে শিক্ষা বিভাগে এই সম্পর্কত তেওঁলোকৰ সৈতেও আলোচনাত মিলিত হ’ব৷ তদুপৰি পৰীক্ষা সম্পর্কত ইতিপূর্বে শিক্ষা বিভাগে আছু, এবছু, সাহিত্য সভা আদিৰ সৈতেও আলোচনাত মিলিত হৈছে৷ পুনৰ তেওঁলোকৰ সৈতে আলোচনাত মিলিত হৈ অহা ১৮ জুনত চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব৷

RELATED ARTICLES