গুৱাহাটীঃ শীঘ্ৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত বৃহৎ সংখ্যক যুৱক-যুৱতীক নিযুক্তি দিয়া হ’ব।
বিভাগটোত খালী হৈ থকা মুঠ ২,৬৫৪ টা পদৰ বিপৰীতে নিযুক্তি প্ৰদান কৰা হ’ব বুলি সোমবাৰে এক সংবাদমেলত ঘোষণা কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে।
দাসে প্ৰকাশ কৰামতে বিভাগটোত তৃতীয় বৰ্গৰ ১০০৪ টা স্থায়ী পদ খালী থকাৰ লগতে ১৩০০ টা ঠিকাভিত্তিক আৰু৩৫০ টা চতুৰ্থ বৰ্গৰ পদ খালী হৈ আছে।
উল্লেখ্য যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ এক লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে।
এই সন্দৰ্ভত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয়—”আমাৰ যি এক লাখক সংস্থাপন দিয়াৰ ব্যৱস্থা তাত এইখিনিক আমি অন্তৰ্ভুক্ত কৰি ৰাখিছোঁ।”
ইংৰাজীত পঢ়কঃ MASSIVE RECRUITMENT DRIVE FOR 2,654 POSTS IN ASSAM P&RD DEPARTMENT