peepl-small

আজি সামৰণি পৰিব ৩৩সংখ্যক গুৱাহাটী গ্রন্থমেলাঃ উপস্থিত থাকিব ড০ হিমন্ত বিশ্ব শর্মা

PUBLISHED:

গুৱাহাটীঃ অভিলেখসংখ্যক গ্রন্থ বিক্রীৰে আজি সামৰণি পৰিব অসম প্রকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত হৈ থকা গুৱাহাটী গ্রন্থমেলাৰ৷ আজি  ৩৩সংখ্যক গুৱাহাটী গ্রন্থমেলাৰ সামৰণী অনুষ্ঠানত সভাপতিত্ব কৰিব ৰাজ্য চৰকাৰৰ বিত্ত, স্বাস্থ্য, শিক্ষা আৰু লোকনির্মাণ বিভাগৰ মন্ত্রী তথা অসম প্রকাশন পৰিষদৰ অধ্যক্ষ ড০ হিমন্ত বিশ্ব শর্মাই৷

অনুষ্ঠানটোত বিশিষ্ট অতিথি ৰূপে অংশগ্রহণ কৰিব অসম সাহিত্য সভাৰ সভাপতি ড০ কুলধৰ শইকীয়া আৰু আমন্ত্রিত অতিথি ৰূপে উপস্থিত থাকিব বড়ো সাহিত্য সভাৰ সভাপতি ড০ তৰেণ বড়ো৷

ইপিনে সামৰণিৰ পূর্বৰ দিনটোত শনিবাৰে চানমাৰিৰ গ্রন্থমেলাস্থলী লোকাৰণ্য হৈ পৰে৷ কেৱল কালিৰ দিনটোতে গ্রন্থমেলাত প্রায় ১ কোটি টকাৰ গ্রন্থ বিক্রী হোৱা বুলি সদৰী কৰিছে অসম প্রকাশন পৰিষদে৷

RELATED ARTICLES