peepl-small

ৰাজ্যত কিডনী বিক্রীৰ ভয়াৱহ ৰেকেটঃ কলকাতাৰ চিকিৎসালয়ত চলে কিডনীৰ সংৰোপণ

PUBLISHED:

গুৱাহাটীঃ মৰিগাঁও জিলাৰ দক্ষিণ ধৰমতুল নামৰ গাঁওখনত বিগত তিনি বছৰ ধৰি মানৱ অংগ ব্যৱসায় চলি থকাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে৷ এই ঘটনা ইমানেই ভয়ংকৰ যে দেশৰ কোনো ঠাইতে একেখন গাঁৱতে এনে অমানৱীয় কাণ্ড সংঘটিত হোৱাৰ নজিৰ হয়তো পাবলৈ নাই৷

উল্লেখ্য যে কপিলীৰ মথাউৰিৰ গাতে লাগি থকা এই গাঁওখনৰ একাংশ দৰিদ্র লোকে বিভিন্ন সময়ত নিজৰ আর্থিক দুৰৱস্থা অথবা পৰিয়ালৰ সদস্যৰ বেমাৰ–আজাৰৰ চিকিৎসাৰ বাবে এক দালাল চক্রৰ জৰিয়তে কিডনী বিক্রী কৰাৰ ভয়ংকৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে৷ এই দক্ষিণ ধৰমতুল অঞ্চলৰ বাসিন্দা বুল দাস পেছাত এগৰাকী শ্রমিক৷ আর্থিক দুৰৱস্থাৰ বাবে এই ব্যক্তিজনে আজিৰ পৰা ১০ মাহ পূর্বে ৰমেন মেধি নামৰ উত্তৰ ধৰমতুলৰ এজন ব্যক্তিৰ যোগেদি এক দালাল চক্রৰ লগত চিনাকি হয়৷ ৪ লাখ ৫০ হাজাৰ টকাত কিডনী বিক্রীৰ বন্দৱস্তি কৰে৷ পৰৱর্তী সময়ত কলকাতাৰ ৰবীন্দ্রনাথ টেগৰ ইনষ্টিটিউট অৱ কর্ডিয়াক ছায়েন্স নামৰ হাস্পতালখনত নিজৰ কিডনী সংৰোপণৰ বাবে বিক্রী কৰি আহে৷

উল্লেখ্য যে কিডনী অথবা শৰীৰৰ অংগ বিক্রী অপৰাধ বুলি জনাৰ পাছতো আর্থিক দুৰৱস্থাৰ বাবেই এই কাণ্ড কৰা বুলি ভয়ংকৰ স্বীকাৰোক্তি দিয়ে বুল দাসে৷ ঠিক একেদৰে বুল দাসৰ ঘৰৰ সমীপৰ সুমন্ত দাস ওৰফে আচিকিয়ে স্বীকাৰ কৰিছে ডেৰ বছৰ পূর্বে কলকাতাৰ একেখন হাস্পতালতে পুত্রৰ চিকিৎসাৰ বিনিময়ত কিডনী দান কৰাৰ কথা৷

অৱশ্যে দালাল চক্রই ডেৰ লাখ টকা দি অন্তর্ধান হোৱাৰ পাছত উপায়হীন হৈ পৰা সুমন্ত দাস ঘৰলৈ ঘূৰি আহিবলৈ বাধ্য হয়৷ কিন্তু ইতিমধ্যে সুমন্তৰ পৰা লৈ সংৰোপণ হয় কিডনী৷ ঠিক একেদৰে কৃষ্ণা দাসে ঘৰৰ আর্থিক দুৰৱস্থাৰ বাবে আজিৰ পৰা কেইমাহমান পূর্বে একেই দালাল চক্রৰ জৰিয়তে ৪ লাখ ৫০ হাজাৰ টকাৰ চুক্তিত এটা কিডনী কলকাতাত দি আহে যদিও পৰৱর্তী সময়ত দালাল চক্রটোৱে ৩ লাখ ৫০ হাজাৰ টকা দি পঠিয়াই দিয়ে৷

আনহাতে বুবুল দাস নামৰ আন এজন ব্যক্তিয়ে তেওঁৰ কিডনী বিক্রী কৰা বুলি জানিব পৰা গৈছে৷ ইয়াৰ উপৰি আন বহুকেইজন ব্যক্তিয়ে কিডনী বিক্রী কৰাৰ তথ্য পোহৰলৈ আহিছে৷

আনহাতে স্থানীয় একাংশ যুৱকে জানিবলৈ দিয়া মতে প্রায় ৭টা পৰিয়ালৰ সদস্য বর্তমান কলকাতাত কিডনী বিক্রীৰ উদ্দেশ্য আছেগৈ, যাৰ ভিতৰত ৰেণু দাস উল্লেখযোগ্য৷ ৰেণু দাসৰ কন্যাই এই তথ্য প্রকাশ কৰি কয় যে দালাল চক্রৰ প্রলোভনত পৰি তেওঁৰ মাতৃয়ে প্রায় দুমাহ ধৰি পিতৃৰ সৈতে কলকাতাত আছে৷ আনকি তেওঁ মাতৃক দুষ্টচক্রৰ কবলৰ পৰা উদ্ধাৰ কৰি অনাৰ ক্ষেত্রত ব্যৱস্থা ল’বলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক পদক্ষেপ ল’বলৈ আহ্বান জনাইছে৷

একেখন গাঁৱৰ আন কেইবাটাও পৰিয়াল বর্তমান কলকাতাত আছে কিডনী সংৰোপণৰ বাবে৷ কালি এই ঘটনাত জডিত এগৰাকী মহিলাক ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে৷ স্থানীয় দৰিদ্র লোকসকলক প্রলোভনৰ জালত পেলোৱা ৰমেন মেধি নামৰ দালাল এটা পলাতক হৈ আছে বুলি জানিব পৰা গৈছে৷

RELATED ARTICLES