peepl-small

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূর্ণ সিদ্ধান্তসমূহ

PUBLISHED:

গুৱাহাটী: শুকুৰবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীসকলৰ উপস্থিতিত বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ এনেধৰণৰ-

১/ অসমৰ ৰাইজৰ বিদ্যুতৰ নাটনি আৰু কম ভল্টেজৰ সমস্যা সমাধানৰ বাবে অসম চৰকাৰে অতি সোনকালে ১৯৬টা নতুন চাব-ষ্টেচনৰ নিৰ্মান কৰা, ২৬০৫ কিলোমিটাৰ দৈঘ্যৰ ৩৩ কে.ভি.ৰ আৰু ৩০১৮ কিলোমিটাৰ দৈঘ্যৰ ১১ কে.ভি.ৰ বৈদ্যুতিক সংযোগৰ কাম নতুনকৈ কৰা হব। ইয়াৰ লগতে ২৬৭৪ টা নতুন উচ্চ ক্ষমতা সম্পন্ন ট্ৰেন্সফাৰ্মাৰ সংযোগ কৰা আৰু ১,৮৬,২৫৫ টা অত্যাধুনিক প্ৰি-পেইড স্মাৰ্ট মিটাৰ আৰু ৪০,০০০ নতুন ট্ৰেন্সফাৰ্মাৰ মিটাৰ লগোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
ইয়াৰ বাবে ৩,২৮৪ কোটি টকাৰ প্ৰয়োজন হব।
২/ অৱকাৰী বিভাগক দিয়া কৰ ফাঁকি ৰোধ কৰিবৰ বাবে আজিৰ কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।
ক) এতিয়াৰে পৰা কাষৰীয়া ৰাজ্য, বিশেষকৈ অৰুণাচল প্ৰদেশৰ পৰা অসমলৈ আনি বিক্ৰী কৰা সুৰাৰ বাবে বিশেষ পৰিবহন অনুজ্ঞাপত্ৰ( Transit Pass)ৰ প্ৰয়োজন হব।
খ) অতি ক্ষতিকাৰক চুলাই মদৰ বিক্ৰী কম কৰিবৰ বাবে দেশী সুৰাৰ অৱকাৰী শুল্ক আধালৈকে কমাই দি, দেশী সুৰাৰ মূল্য কম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
৩/ অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী(তেতিয়াৰ প্ৰধানমন্ত্ৰী) গোপীনাথ বৰদলৈ দেৱৰ নামত অসম চৰকাৰে অনিয়মিত ভাৱে প্ৰদান কৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ বঁটা ২০২১ বৰ্ষৰ পৰা প্ৰত্যেক দুই বছৰৰ মূৰে মূৰে প্ৰদান কৰাৰ আৰু আগৰ দুই লাখ টকাৰ মাননীৰ ঠাইত এতিয়াৰে পৰা পাছ লাখ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । এই বঁটা সমগ্ৰ ভাৰতৰ কোনো বিশেষ ব্যক্তি বা সংস্থা দুয়োটাকে প্ৰদান কৰিব হব। এই বৰ্ষৰ বঁটা আগন্তুক ৩ অক্টোবৰ তাৰিখে ভাৰতৰ মহামহিম উপ ৰাষ্ট্ৰপতি এম. ভেংকায়া নাইডু দেৱে প্ৰদান কৰিব।
ইয়াৰ লগতে শ্ৰীমন্ত শংকৰদেৱ বঁটাৰো আৰ্থিক মাননি পৰৱৰ্তী সময়ত বৃদ্ধি কৰাৰ সিদ্ধান্ত আজিৰ কেবিনেটে গ্ৰহণ কৰে।
৪/ কৃষি প্ৰধান ৰাজ্য অসমৰ অতিশয় গুৰুত্বপূৰ্ণ বিভাগ, কৃষি বিভাগৰ সম্প্ৰসাৰণ আৰু সৱলীকৰণৰ বাবে আজিৰ কেবিনেটত প্ৰতিখন জিলাতে একোজনকৈ প্ৰগ্ৰেম অফিচাৰ(Agri B.Sc), এজন একাউণ্ট অফিচাৰ আৰু এজন মেডিয়া বিশেষজ্ঞ নিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।
৫/ অসম চৰকাৰৰ অধীনৰ আদৰ্শ বিদ্যালয় সমূহক পৰিচালিত কৰিবলৈ এক আদৰ্শ বিদ্যালয় সংগঠন খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। লগতে অসমৰ ১২৬টা সমষ্টিত অতি কমেও এখনকৈ আদৰ্শ বিদ্যালয়ৰৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
৬/ অসমত বা অসমৰ বাহিৰত থকা সামৰিক বা অৰ্ধসামৰিক অসমৰ লোক অথবা অসম আৰক্ষীৰ কোনো বিষয়া, জোৱান, গৃহৰক্ষী বাহিনীৰ জোৱান বা গাঁওৰক্ষী বাহিনীৰ ব্যক্তি কৰ্তব্য সম্পন্ন কৰা অৱস্থাত মৃত্যু হয়, তেখেত সকলৰ পৰিয়াললৈ ৫০ লাখকৈ আৰ্থিক সাহাৰ্য্য আগবঢ়োৱা সিদ্ধান্ত আজিৰ কেবিনেটত গ্ৰহণ কৰা হয়।
৭/ অসম চাহ নিগমৰ অধীনস্থ চাহ বাগিচা সমূহৰ বনুৱা সকললৈ আগন্তুক দুৰ্গা পূজাৰ উপলক্ষে ২৪ কোটি টকা ব্যয়েৰে ২০ শতাংশকৈ বনাচ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
৮/ অসমৰ গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদ আৰু ৱাৰ্ড সদস্য সকলৰ বৰ্তমানলৈকে পাব লগীয়া পৰিতোষিক ৬৬.৩৪ কোটি টকা মঞ্জুৰী দিয়ে অসম চৰকাৰে ।
৯/ অসমৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা লোক সকলক প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা অসম ৰত্ন, অসম বিভূষণ আৰু অসম ভূষণ সন্মানৰ নাম সলনি কৰি অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ নামেৰে নামাকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
১০/ ৰাজ্যবাসীক মাটি বাৰী সংক্ৰান্তীয় দীৰ্ঘদিনীয়া সমস্যাৰ পৰা মুক্তি দিয়াৰ স্বাৰ্থত ২০৯.৮৪ কোটি টকা ব্যয়েৰে মিছন বসুন্ধৰা অভিলাসী পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হয়। এই বিষয়ে অহা ২ অক্টোবৰ তাৰিখে মাননীয় মুখ্যমন্ত্ৰী দেৱে সবিশেষ ঘোষণা কৰিব।

RELATED ARTICLES