peepl-small

স্নেহবন্ধনঃ ক’ভিড পজিটিভ শহুৰেকক বোকাচাত তুলি চিকিৎসালয়ত উপস্থিত বোৱাৰী

PUBLISHED:

গুৱাহাটীঃ এখন বিশেষ ফটো। এই ফটোখনে এতিয়া হৃদয় স্পৰ্শ কৰিছে সহস্ৰজনৰ। ক’ভিড আক্ৰান্ত শহুৰেকক বোকোচাত তুলি লৈ চিকিৎসালয়ত উপস্থিত হোৱা ৰহাৰ এগৰাকী মহিলাৰ ফটোৱে ছ’চিয়েল মিডিয়াত লাভ কৰিছে তীব্ৰ চৰ্চা।

ৰহা পৌৰসভাৰ তিনি নং ৱাৰ্ডৰ বাসিন্দা বোৱাৰীগৰাকীৰ নাম নিহাৰীকা দাস।

স্বামী কৰ্মসূত্ৰে অসমৰ বাহিৰত থকাত মহিলাগাৰকীয়ে পুত্ৰ আৰু শহুৰেকৰ সৈতে বাস কৰে । কিন্তু দুদিনমানৰ পৰা শহুৰ থুলেশ্বৰ দাসৰ জ্বৰ হোৱাত চিকিৎসাৰ বাবে বুধবাৰে ৰহা ৰাজ্যিক চিকিৎসালয়লৈ নিবলৈ বুলি ওচৰ চুবুৰীয়াৰ কোনো লোকক লগ ধৰিছিল। জ্বৰ হৈ থকাৰ বাবে কোনোলোক ওচৰ চাপিবলৈ নিবিচৰাত বোৱাৰী নিহাৰীকাই শহুৰ দেউতাকক নিজে লৈ যোৱাৰ বাবে সাজু হয় ।

বোৱাৰী নিহাৰীকাই শহুৰেকক বোকোচাত তুলি গাড়ীত উঠাই লৈ গ’ল চিকিৎসালয়লৈ। পাছে চিকিৎসালয়ত ক’ভিড পৰীক্ষাত শহুৰ আৰু বোৱাৰীগৰাকীৰো পজিটিভ ওলায়। কিন্তু তেতিয়াও তিলমানো বিচলিত নহৈ অসুস্থ শহুৰেকক এম্বুলেন্সত তুলি একেলগে নগাঁৱৰ উজৰাগাঁৱস্থিত ক’ভিড কেয়াৰ চেন্টাৰলৈ গ’ল।

উক্ত কেন্দ্ৰত অক্সিজেনৰ কোনো ব্যৱস্থা নথকাত পুনৰ নগাঁও অসামৰিক চিকিৎসালয়লৰ ক’ভিড কেয়াৰ কেন্দ্ৰত ভৰ্তি কৰে। ক’ভিড পজিটিভ ৰোগী হোৱা বাবে বহু সময়ত পৰিয়াল তথা আত্মীয় স্বজনৰ পৰাও এলাগী হোৱা উদাহৰণ বহু সময়ত পোৱা যায় যদিও ৰহাৰ এইগৰাকী বোৱাৰী নিহাৰীকা দাসৰ এনে দৃষ্টান্তই সকলোৰে প্ৰশংসা লাভ কৰিছে।

নিহাৰীকাৰ ভাষ্য অনুসৰি তেওঁ শহুৰেকক পিতৃ জ্ঞান কৰে আৰু শহুৰেকেও বোৱাৰী নিহাৰীকাক নিজৰ কন্যাৰ দৰে স্নেহ প্ৰদান কৰে।

RELATED ARTICLES