peepl-small

কেনেদৰে গুলীবিদ্ধ হৈছিল ধৰ্ষণকাৰী-হত্যাকাৰী পাঠা?

PUBLISHED:

গুৱাহাটীঃ মৰিগাঁৱৰ ভূৰাগাঁৱৰ এজনী নবছৰীয়া কন্যা শিশুৰ জঘন্য ধৰ্ষণ আৰু হত্যাত অভিযুক্ত চৈয়দ আলী ওৰফে পাঠা শুকুৰবাৰে পুৱতি নিশা আৰক্ষীৰ গুলীত আহত হয়।
প্ৰস্ৰাৱ কৰাৰ চলেৰে পলাবলৈ চেষ্টা কৰোঁতে গুলীবিদ্ধ হয় চৈয়দ।

এই সন্দৰ্ভত মৰিগাঁৱৰ আৰক্ষী অধীক্ষকে কয় — “তেওঁক ‘crime scene’ ‘recreate’ কৰাৰ বাবে লৈ যোৱা হৈছিল। সদৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতীক লাল বৰুৱা আৰু বুঢ়াগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া নৱ শইকীয়াই তেওঁক এছক’ৰ্ট কৰিছিল। জাগীৰোড থানাৰ পৰা বুঢ়াগাঁও থানালৈ নিশা ৩.৩০ বজাত লৈ যোৱাৰ সময়ত অভিযুক্তজনে ‘টয়লেট’লৈ যাবলগীয়া হোৱা বুলি জনাইছিল। গছৰগুৰি বুলি এঠাইত তেওঁ গাড়ীৰ পৰা নামিছিল। তেতিয়া বৰষুণ দি আছিল। এন্ধাৰ আৰু বৰষুণৰ সুযোগ লৈ তেওঁ পলাবলৈ চেষ্টা কৰে।”

অভিযুক্ত পাঠাক ৰ’বলৈ নিৰ্দেশ দিয়াৰ পাছতো পলাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় বুলি আৰক্ষী বিষয়াগৰাকীয়ে জনায়।

আৰক্ষীয়ে তিনি জাঁই গুলী চলোৱাৰ ফলত দুটা গুলীয়ে অভিযুক্তজনৰ দুয়োটা ভৰিতে আঘাত কৰে।

তাৎক্ষণিকভাৱে চৈয়দক মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত চিকিৎসাধীন হৈ আছে অভিযুক্তজন।

জিএমচিএইচৰ অধীক্ষক ডা০ অভিজিত শৰ্মাই জনোৱা অনুসৰি পাঠা বৰ্তমান সংকটমুক্ত।

RELATED ARTICLES