peepl-small

ইতিহাস ৰচনা বৰঙাজুলি সত্রতঃ প্রথম বড়ো সত্রাধিকাৰৰ অভিষেক

PUBLISHED:

কুকুৰ শৃগাল গর্দভৰো আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্রণাম৷’ শ্রীমন্ত শংকৰদেৱে সমাজৰ শ্রেণীবৈষম্য তথা উচ্চ–নীচ জাতিভেদ অস্পৃশ্যতা আঁতৰ কৰিবলৈ ব্যৱহাৰ কৰা এই পদ্যফাঁকিক বাস্তৱত পৰিণত কৰি অসমৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা হ’ল ওদালগুৰিৰ বৰঙাজুলি সত্রত৷ অসমৰ ইতিহাসত প্রথমবাৰৰ বাবে বড়ো জনগোষ্ঠীৰ এগৰাকী লোকে শুৱনি কৰিলে সত্রাধিকাৰৰ আসন৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে প্রতিষ্ঠা কৰা সুন্দৰীদিয়া সত্রৰ সত্রাধিকাৰ জনার্দন অধিকাৰীয়ে ৰাজ্যৰ বিভিন্ন প্রান্তৰ আঠখন সত্রৰ সত্রাধিকাৰৰ উপস্থিতিত নির্মালি প্রদান কৰি নিৰঞ্জন বড়োক সত্রাধিকাৰ পদত অধিষ্ঠিত কৰালে৷ ওদালগুৰিৰ বৰঙাজুলি সত্রৰ প্রয়াত ভকত শিৰোমণি, অসম চৰকাৰৰ কালিচৰণ ব্রহ্ম বঁটাপ্রাপক সত্রাধিকাৰ হৰেকৃষ্ণ মহন্ত আতাৰ যোৱা ১৯ জুলাইত ৯৮ বছৰ বয়সত মৃত্যুৰ পিছত খালী হৈ থকা বৰঙাজুলি সত্রত মঙলবাৰে হৰেকৃষ্ণ মহন্ত আতাৰ প্রথম মাহিলি তিথিৰ দিনাই তেওঁৰ উত্তৰাধিকাৰী হিচাপে সত্রৰ সত্রাধিকাৰৰ আসনত অধিষ্ঠিত হয় নিৰঞ্জন বড়ো৷

উল্লেখ্য যে ওদালগুৰি জিলাৰ ডিমাকুছি থানাৰ অন্তর্গত বালিচিটা গাঁৱৰ চম্পা বড়োৰ পুত্র নিৰঞ্জন বড়ো মাত্র ছয় বছৰ বয়সতেই বৰঙাজুলি সত্রলৈ গৈ প্রয়াত সত্রাধিকাৰ হৰেকৃষ্ণ মহন্ত আতাৰ পৰা গুৰুজনাৰ বাণী শুনি নৱবৈষ্ণৱ ধর্মৰ প্রতি আকৃষ্ট হোৱাৰ লগতে সত্রতেই থাকিবলৈ লৈছিল৷

বিগত ৪০ বছৰে প্রয়াত সত্রাধিকাৰ হৰেকৃষ্ণ মহন্ত আতাৰ সৈতে সত্রখনত থাকি সত্রখনৰ সহযোগ আগবঢ়োৱা নিৰঞ্জন বড়োক বৰঙাজুলি সত্রৰ নতুন সত্রাধিকাৰ হিচাপে নিযুক্ত কৰিবলৈ মৃত্যুৰ পূর্বেই প্রথম প্রস্তাৱ দিছিল হৰেকৃষ্ণ মহন্ত আতাই৷ তেওঁৰ মৃত্যুৰ পিছত বৰঙাজুলি সত্র পৰিচালনা সমিতিয়ে বিষয়টো আলোচনা কৰি সর্বসন্মতিক্রমে সত্রৰ নতুন সত্রাধিকাৰ হিচাপে নিৰঞ্জন বড়োক নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্রহণ কৰিছিল৷ সত্র পৰিচালনা সমিতিৰ এই সিদ্ধান্তক ৰাজ্যজুৰি বিপুল আদৰণি জনোৱাৰ লগতে বড়ো জনগোষ্ঠীৰ প্রথমগৰাকী সত্রাধিকাৰ হিচাপে দায়িত্ব ল’বলৈ আগবঢ়া নিৰঞ্জন বডোক অভিনন্দন জ্ঞাপন কৰিছিল৷

ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো বৰঙাজুলি সত্রৰ এই সিদ্ধান্তক আদৰণি জনাই শ্রীমন্ত শংকৰৱদেৱে যি সমাজৰ শ্রেণীবৈষম্য তথা উচ্চ–নীচ জাতিভেদ আৰু অস্পৃশ্যতা আঁতৰ কৰি শ্রেণীবৈষম্যহীন সমাজ প্রতিষ্ঠা কৰাৰ যি সপোন দেখিছিল, সেই সপোন এই কার্যৰ দ্বাৰাই বাস্তৱত প্রতিফলিত হ’ব বুলি উল্লেখ কৰিছিল৷ সকলো ভকত বৈষ্ণৱ, বাপ বান্ধৱ, আই মাতৃ তথা ৰাইজৰ আশীর্বাদ গ্রহণ কৰা সত্রাধিকাৰ হিচাপে অভিষেক ঘটা সত্রাধিকাৰ নিৰঞ্জন বড়োৱেও সত্রৰ উন্নতিৰ লগতে প্রয়াত সত্রাধিকাৰ হৰেকৃষ্ণ মহন্ত আতাৰ অসম্পূর্ণ হৈ ৰোৱা কামবোৰো সম্পূর্ণ কৰিব পাৰিম বুলি আশা প্রকাশ কৰে৷

নতুন সত্রাধিকাৰৰ এই অভিষেক অনুষ্ঠানত ৰাজ্যৰ কেইবাখনো সত্রৰ সত্রাধিকাৰৰ লগতে সদৌ অসম ছাত্র সন্থাৰ উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্য উপস্থিত থাকি নতুন সত্রাধিকাৰগৰাকীক সম্বর্ধনা জনোৱাৰ লগতে গুৰুজনাৰ কৃষ্টি–সংস্কৃতি সংৰক্ষণ–সম্বর্ধন ক্ষেত্রত অতুলনীয় অৱদান আগবঢ়োৱা প্রয়াত সত্রাধিকাৰ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্তক মৰণোত্তৰভাৱে শ্রীমন্ত শংকৰদেৱ বঁটা প্রদানৰ বাবে দাবী জনায়৷ ইয়াৰ পূর্বে মঙলবাৰে পুৱা সত্রাধিকাৰ নিৰঞ্জন বড়োৰ জন্মগাঁওস্থিত সত্রৰ পৰা ভকত বৈষ্ণৱ, বান্ধৱ তথা আই মাতৃসকলে গায়ন বাদনেৰে সত্রাধিকাৰ নিৰঞ্জন বডোক বৰঙাজুলি সত্রলৈ আদৰি নিয়াৰ লগতে বিভিন্ন জাতি–জনগোষ্ঠীৰ লোকে সত্রীয়া সংস্কৃতি প্রদর্শন কৰা হয়৷

RELATED ARTICLES