peepl-small

বিজেপিৰ যুৱ সমাৰোহত ড০ হিমন্ত বিশ্ব শৰ্মাই পাঠ কৰিলে স্বৰচিত কবিতা

PUBLISHED:

গুৱাহাটীঃ ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ উদ্যোগত আজি ডিব্ৰুগড়ত অনুষ্ঠিত যুৱ সমাৰোহত উপস্থিত থাকি স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাষণৰ মাজতে আবৃত্তি কৰে স্বৰচিত কবিতা।

অসমৰ প্ৰতি ৰাজনীতিকগৰাকীৰ প্ৰেমৰ লগতে দেশৰ সমৃদ্ধ সংস্কৃতি, ঐতিহ্য আৰু সভ্যতাৰ বিষয়ে আলোকপাত কৰে এই কবিতাৰ মাজেৰে। শিক্ষামন্ত্ৰী ড০ শৰ্মাই আবৃত্তি কৰে এই স্বৰচিত কবিতা-

মোৰ প্ৰাণত অসমী আই
মোৰ মনত ভাৰতী আই
মোৰ তেজত অসমী আই
মোৰ উশাহত ভাৰতী আই
ক্ষুদ্ৰ ক্ষুদ্ৰ মোৰ প্ৰতিটো খোজ
সুক্ষ্ম সুক্ষ্ম মোৰ প্ৰতিটো প্ৰয়াস
কেৱল মোৰ আইৰ বাবে

বিন্দু বিন্দু জিলিকি উঠা এই কপালৰ ঘাম
ৰন্ধ্ৰে ৰন্ধ্ৰে বৈ থকা অন্তহীন স্বাভিমান
কেৱল মোৰ আইৰ বাবে

মোৰ চিঞৰৰ নাম অসম
মোৰ অভিমানৰ নাম অসম
মোৰ বিপ্লৱৰ নাম ভাৰত
মোৰ সংস্কৃতিৰ নাম সনাতন
ভাগৰিব ধৰিও ভাগৰিব নোৱাৰোঁ
হাৰিব ধৰিও হাৰিব নোৱাৰোঁ
শত্ৰুপক্ষৰ হেজাৰ চক্ৰান্ত বুকু পাতি লওঁ
কিন্তু শেষ হ’ব ধৰিও মই শেষ হ’ব নোৱাৰো

মোৰ জাতিৰ সেনানী মই
মোৰ জাতিৰ প্ৰহৰী মই
অক্লান্ত পৃথিৱীৰ দৰে মই দৌৰিবই লাগিব
ৰণুৱা ঘোঁৰাৰ দৰে চেঁকুৰিবই লাগিব
জন্মভূমিৰ সুৰক্ষাৰ বাবে এই ৰণ লাচিতৰ হৈ আমি যুঁজিবই লাগিব

মোৰ সাহসৰ নাম অসম
মোৰ সভ্যতাৰ নাম সনাতন
মোৰ সংস্কৃতিৰ নাম ভাৰত
মোৰ আত্মবিশ্বাসৰ নাম অসম

মোৰ মনত অসমী আই
মোৰ প্ৰাণত ভাৰতী আই
মোৰ তেজত অসমী আই
মোৰ উশাহত ভাৰতী আই।

 

 

ইংৰাজীত পঢ়কঃ

HIMANTA BISWA SARMA RECITES SELF-COMPOSED POEM AT DIBRUGARH

RELATED ARTICLES