peepl-small

নিশা দিল্লীত উপস্থিত মুখ্যমন্ত্রী, ড০ শর্মা, ৰাজ্যিক সভাপতি দাস

PUBLISHED:

গুৱাহাটী:  ৰাজ্যত তৃতীয় পর্যায়ত হ’বলগা ৪০টা সমষ্টিৰ নির্বাচনৰ বাবে আজি চূড়ান্ত হ’ব বিজেপিৰ প্রার্থী তালিকা৷ এই উদ্দেশ্যে আজি দিল্লীত অনুষ্ঠিত হ’বলগা বিজেপিৰ কেন্দ্রীয় নির্বাচনী সমিতিৰ বৈঠকত ভাগ লোৱাৰ উদ্দেশ্যে শুকুৰবাৰে দিল্লীলৈ ৰাওনা হয় মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্র নাথ শর্মা, ৰাজ্যিক প্রভাৰী বৈজয়ন্ত জয় পাণ্ডা৷ উল্লেখ্য যে যে অসমৰ বাবে ঘোষণা হ’বলগা বিজেপিৰ অন্তিমখন তালিকাত নামনি অসমৰ অধিকাংশ সমষ্টিৰ প্রার্থীৰ নাম ঘোষিত হ’ব৷ তৃতীয় তালিকাত গুৱাহাটী মহানগৰীৰ চাৰিটা সমষ্টিৰ লগতে গুৱাহাটী লোকসভা সমষ্টিৰ অন্তর্গত আন ৬টা সমষ্টিৰ প্রার্থীৰ নামো ঘোষণা হ’ব৷

আনহাতে, নামনি অসমত বিজেপিৰ দখলত থকা বৰক্ষেত্রী, ধর্মপুৰ, সৰভোগ, গোলকগঞ্জ, পলাশবাৰীকে কৰি কেইবাটাও সমষ্টিৰ প্রার্থীৰ নাম ঘোষণা হোৱাৰ সম্ভাৱনা আছে৷ ইফালে, শুকুৰবাৰে দিল্লীলৈ উৰামৰাৰ পূর্বে সংবাদ মাধ্যমৰ আগত ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰা মতে, জয়ৰ সম্ভাৱনা থকা প্রার্থীকেই টিকট দিয়াৰ সম্ভাৱনা অধিক৷ উল্লেখ্য যে গুৱাহাটীৰ চাৰিটা সমষ্টিত এইবাৰ প্রার্থিত্বৰ দাবীদাৰত আছে ৰাজ্যিক বিজেপিৰ কেইবাজনো শীর্ষ পর্যায়ৰ নেতা৷ অৱশ্যে তৃতীয় পর্যায়ত হ’বলগা জালুকবাৰী সমষ্টিৰ বাবে ইতিমধ্যেই মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু পাটাছাৰকুছি সমষ্টিৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ নাম ৰাজ্যিক নেতৃত্বই ঘোষণা কৰি থৈছে৷ কাইলৈ দিল্লীত হ’বলগা বিজেপিৰ কেন্দ্রীয় নির্বাচনী সমিতিৰ বৈঠকত পশ্চিমবংগ, কেৰালাৰ বাবেও প্রার্থীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে

RELATED ARTICLES