peepl-small

জিএমচিএইচৰ ৰক্তদান শিবিৰ পৰিদর্শন স্বাস্থ্যমন্ত্রীৰ; স্বেচ্ছামূলক ৰক্তদান কৰাৰ আহ্বান কেশৱ মহন্তৰ

PUBLISHED:

গুৱাহাটী:  স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই আজি দুপৰীয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্রেক্ষাগৃহত আয়োজিত এটা ৰক্তদান শিবিৰত উপস্থিত হৈ ৰক্তদাতাসকলক কৃতজ্ঞতা জ্ঞাপনৰ লগতে উৎসাহ যোগায়৷ কাইলৈ ১৪ জুনৰ বিশ্ব ৰক্তদান দিৱস উপলক্ষে স্বেচ্ছাসেৱী সংগঠন নেচনেল মেডিক’জ অর্গেনাইজেচনে সেৱা ভাৰতী পূর্বাঞ্চলৰ সহযোগত গুৱাহাটীসহ ৰাজ্যৰ ১২ স্থানক সামৰি আয়োজন কৰা ‘ৰক্তধাৰা’ শীর্ষক এই ৰক্তদান শিবিৰত অংশগ্রহণকাৰীসকল্ এনে মানৱীয় পদক্ষেপৰ শলাগ লৈ মন্ত্রীগৰাকীয়ে ৰাজ্যবাসীকো স্বেচ্ছামূলক ৰক্তদানৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়৷

ৰক্তদানেৰে আনৰ জীৱন ৰক্ষাত অৰিহণা যোগাব পৰাটো এক মহৎ কার্য বুলি দোহাৰি স্বাস্থ্যমন্ত্রী মহন্তই ৰক্তদানক জীৱনদানৰ সমান বুলি মত পোষণ কৰে৷ তেওঁ আয়োজকসকলক ধন্যবাদ জনায়৷ ইয়াৰ পিছতে স্বাস্থ্যমন্ত্রীগৰাকীয়্ জি এম চি এইচৰ পুৰণি পার্কিং এলেকাত নির্মীয়মাণ নতুন আই চি ইউ ব্লক পৰিদর্শন কৰি নির্মাণ কার্যৰ অগ্রগতি নিৰীক্ষণ কৰে৷ এই পৰিদর্শনকালত এন এইচ এমৰ অভিযান সঞ্চালক ডাঃ এছ লক্ষ্মনন, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্য, এন এইচ এমৰ কার্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰী স্বাস্থ্যমন্ত্রীৰ সৈতে উপস্থিত থাকে৷

RELATED ARTICLES