peepl-small

আজিৰে পৰা মহানগৰীৰ ৫৮ কেন্দ্রত বৃহৎ টিকাকৰণ অভিযান প্রশাসনৰ

PUBLISHED:

গুৱাহাটী: মহামাৰী ক’ভিডৰ পৰা সকলোকে সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্য আগত ৰাখি কামৰূপ মহানগৰ জিলাত শনি আৰু দেওবাৰে ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলক প্রথম পালি ক’ভিড প্রতিষেধক প্রদানৰ এক বৃহৎ কার্যসূচী গ্রহণ কৰা হৈছে৷ জিলাখনত মুঠ ৫৮টা কেন্দ্রত এই টিকাকৰণ কৰা হ’ব৷ কেন্দ্রসমূহত অনলাইন বুকিং আৰু প্রতিষেধক কেন্দ্রত পঞ্জীয়নৰ জৰিয়তে প্রতিষেধক ল’ব পাৰিব৷

চৰকাৰী স্বীকৃতিপ্রাপ্ত পৰিচয়–পত্র লৈ ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলে নির্দিষ্ট কেন্দ্রসমূহত প্রতিষেধক ল’ব পাৰিব৷ আনহাতে, ৫ মে’ আৰু ৭ মে’ তাৰিখে ক’ভাক্সিনৰ প্রথম পালি লোৱা জিলাখনৰ ব্যক্তিসকলক অহা ১৪ জুনত একে কেন্দ্রতে একে সময়তে দ্বিতীয় পালি ল’বলৈ আহ্বান জনোৱা হৈছে৷ এই ক্ষেত্রত ক’ভাক্সিনৰ প্রথম পালি প্রতিষেধক লোৱা প্রমাণ আৰু ফটো পৰিচয়–পত্র নিব লাগিব৷

RELATED ARTICLES