peepl-small

মৰিগাঁৱৰ দন্দুৱাৰ হাবিত উদ্ধাৰ চৰকাৰী দৰব

PUBLISHED:

গুৱাহাটীঃ মৰিগাঁও জিলাৰ দন্দুৱাত এখন হাবিৰ মাজত বহু পৰিমাণৰ স্বাস্থ্য বিভাগে যোগান ধৰা ব্যৱহাৰৰ উপযোগী ঔষধ উদ্ধাৰ হৈছে৷ গাঁওবাসীয়ে জনোৱা মতে, চৰকাৰী চিকিৎসালয়ত কর্মৰত কোনো দুষ্ট প্রকৃতিৰ ব্যক্তিয়ে ঔষধসমূহ এনেকৈ পেলাই থৈ গৈছে৷

ঔষধসমূহ ব্যৱহাৰৰ উপযোগী হৈ আছে৷ কিন্তু কোনে কি কাৰণত এনেকৈ ব্যৱহাৰৰ উপযোগী ঔষধ হাবিৰ মাজত পেলাই থৈ গৈছে সেয়া জ্ঞাত নহয়৷ সেয়ে এইক্ষেত্রত উচিত তদন্ত কৰি চৰকাৰীভাৱে যোগান ধৰা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ ঔষধ পেলাই থৈ যোৱা ব্যক্তিক চিনাক্ত কৰি উচিত শাস্তি প্রদান কৰিবলৈ মৰিগাঁও জিলা প্রশাসনক দাবী জনাইছে স্থানীয় ৰাইজে৷

RELATED ARTICLES