peepl-small

জাগুনত বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী কিশোৰীৰ কৰুণ মৃত্যু

PUBLISHED:

মাৰ্ঘেৰিটা,১৯ জুলাইঃ- তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুনৰ তিনি নং ৰামপুৰত এক শোকাবহ ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে। প্ৰাপ্তখবৰ অনুসৰি কালি দিনৰ ভাগত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটিলে এগৰাকী ১৭ বছৰীয়া কিশোৰীয়ে।

গা ধুবলৈ পানী মটৰৰ চুইচ অন কৰিব লোৱাৰ সময়ত এই দুৰ্ঘটনাটো সংঘটিত হয়।

নলনি নিপুন(১৭) নামৰ কিশোৰী গৰাকীক সংকট জনক অৱস্থাত মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছিল যদিও কিশোৰী গৰাকীয়ে মৃত্যুবৰণ কৰে।

কিশোৰী গৰাকীৰ মৃত্যুত এতিয়া অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

মানস প্ৰতিম গগৈ

RELATED ARTICLES