peepl-small

যুদ্ধ হ’ব দাদা আৰু মোৰ মাজতঃ হাগ্ৰামা মহিলাৰী

PUBLISHED:

গুৱাহাটীঃ ক্ৰমশঃ আকৰ্ষণীয় হৈ উঠিছে বিটিচি নিৰ্বাচনকেন্দ্ৰিক ৰাজনৈতিক বাতাবৰণ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ মাজত চলিছে আমোদজনক বাকযুদ্ধ। মঙলবাৰে হাগ্ৰামা মহিলাৰীয়ে স্বাভাৱসুলভ ৰসিকতাৰে দাবী কৰে যে বিটিআৰৰ যুঁজখন হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ মাজতহে হ’ব।

“আমাৰ যুদ্ধটো হ’ল দাদা আৰু মোৰ। যুদ্ধটো এতিয়া হিমন্ত বিশ্ব শৰ্মা দাদা আৰু মোৰ লগত।”—এনেদৰে কয় মহিলাৰীয়ে।

ফেৰেংগা, বিশ্বজিত দৈমাৰী বা প্ৰমোদ বড়োক এই যুদ্ধত টানিব নালাগে বুলিও কয় হাগ্ৰামাই।

উল্লেখযোগ্য যে সোমবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিচি নিৰ্বাচন কোনো ব্যক্তিবিশেষৰ যুদ্ধৰ সলনি উন্নয়নৰ যুদ্ধ বুলি মন্তব্য প্ৰকাশ কৰিছিল। কোকৰাঝাৰত এইবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলিও দাবী কৰিছিল মন্ত্ৰী তথা নেডাৰ আহ্বায়কগৰাকীয়ে।

আনহাতে, মহিলাৰী আৰু শৰ্মাৰ মাজত অব্যাহত থকা আক্ৰমণ-প্ৰত্যাক্ৰমণৰ মাজতে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয় যে দুয়োগৰাকী নেতাৰ মাজত ভাল বুজাবুজি আছে।

“হিমন্ত বিশ্ব শৰ্মা আৰু মোৰ কাজিয়া বুজাবুজিৰ কাজিয়া । আজি তেওঁ হৰিশিঙা, ধনশ্ৰীত মোক গালি পাৰিব, কাইলৈ মই তেওঁক গালি পাৰিম । আমাৰ বুজাবুজি।” এনেদৰে কয় বিপিএফ নেতাগৰাকীয়ে ।

RELATED ARTICLES