peepl-small

ভেকচিনৰ দুটা ড’জ লোৱাঃ কর্মচাৰীক কার্যালয়ত যোগদানৰ নির্দেশ

PUBLISHED:

গুৱাহাটী: ক’ভিডৰ গুৰুতৰ সংক্রমণে সৃষ্টি কৰা জটিল পৰিস্থিতিত স্তব্ধ হৈ পৰিছে ৰাজ্যৰ স্বাভাৱিক জীৱনযাত্রা৷ মাৰাত্মক ভাইৰাছবিধৰ সংক্রমণে যাতে অধিক জটিল ৰূপ ধাৰণ কৰিব নোৱাৰে, তাৰ বাবে ৰাজ্যত বলৱৎ কৰা হৈছে কেতবোৰ কঠোৰ নীতি–নির্দেশনা৷ ব্যৱসায়িক প্রতিষ্ঠানসমূহ খোলা ৰখাৰ সময় নির্দিষ্ট কৰি দিয়াৰ লগতে সম্পূর্ণৰূপে বন্ধ ৰখা হৈছে চৰকাৰী–বেচৰকাৰী কার্যালয়ৰ কাম–কাজ৷ দীর্ঘদিনে চৰকাৰী কার্যালয়সমূহ বন্ধ ৰখাৰ ফলত স্থবিৰ হৈ পৰিছে ৰাজ্যৰ প্রশাসনিক কাম–কাজসমূহ৷ এই স্থবিৰতা দূৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰিছে নতুন নির্দেশনা৷ সেই অনুসৰি ক’ভিড ভেকচিনৰ দুয়োটা ড’জ গ্রহণ কৰা চৰকাৰী কর্মচাৰীসকল নিয়মীয়াকৈ উপস্থিত থাকিব লাগিব কার্যালয়ত৷ কাইলৈৰ পৰা কার্যালয়ত উপস্থিত থাকিব লাগিব ক’ভিড ভেকচিনৰ দুয়োটা ড’জ লাভ কৰা কর্মচাৰীসকল৷ ৰাজ্য চৰকাৰৰ সাধাৰণ প্রশাসন বিভাগে জাৰি কৰিছে এই নির্দেশনা৷ সংশ্লিষ্ট কর্তৃপক্ষৰ অনুমতি সাপেক্ষে বিভাগটোৰ আয়ুক্ত সচিব এম এছ মণিৱন্ননে জাৰি কৰিছে নতুন নির্দেশনাটো৷ অৱশ্যে ভেকচিনৰ দুয়োটা ড’জ গ্রহণ কৰা কর্মচাৰীসকলে কার্যালয়ত উপস্থিত থকাৰ সময়ত মানি চলিব লাগিব চৰকাৰে জাৰি কৰা ক’ভিড প্রট’কল৷

উল্লেখ্য যে ৰাজ্যত ক’ভিডৰ সংক্রমণে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ পাছত যোৱা চাৰি মে’ত কঠোৰ এছ অ’ পি জাৰি কৰিছিল ৰাজ্য চৰকাৰে৷ প্রাথমিক অৱস্থাত চৰকাৰী আৰু বেচৰকাৰী কার্যালয় দিনৰ দুই বজালৈ খোলা ৰখাৰ সিদ্ধান্ত গ্রহণ কৰিছিল চৰকাৰে৷ অৱশ্যে পৰৱর্তী সময়ত ক’ভিডৰ সংক্রমণ বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত যোৱা ১২ মে’ত চৰকাৰী–বেচৰকাৰী কার্যালয়সমূহ সম্পূর্ণৰূপে বন্ধ ঘোষণা কৰা হয়৷ বর্তমানেও ৰাজ্যৰ চৰকাৰী–বেচৰকাৰী কার্যালয়সমূহ সম্পূর্ণৰূপে বন্ধ হৈ আছে৷ কেৱল অত্যাৱশ্যকীয় সেৱাৰ কার্যালয়সমূহ বর্তমান চলি আছে৷ অহা ১৫ জুনলৈ চৰকাৰৰ এই এছ অ’ পি বাহাল থাকিব৷ অহা দুই–এদিনতে নতুন এছ অ’ পি প্রকাশ কৰিব চৰকাৰে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ৰাজ্যত ভেকচিন প্রদানৰ প্রক্রিয়া ক্ষিপ্রতৰ কৰি তুলিছে স্বাস্থ্য বিভাগে৷ কালি পর্যন্ত ৰাজ্যৰ মুঠ ৪৭,৫১,৯২৬জন লোকে ভেকচিন লাভ কৰিছে৷ ইয়াৰে ৩৮,৩৫,৩৩২জন লোকে প্রথম ড’জ আৰু ৯,১৬,৫৯৪জনে দ্বিতীয় ড’জ লাভ কৰিছে৷

ইপিনে ক’ভিডৰ সংক্রমণ ক্রমাৎ হ্রাস পাবলৈ আৰম্ভ কৰাৰ প্রতি লক্ষ্য ৰাখি সমগ্র ৰাজ্যত ৰাজ্য চৰকাৰে আৰোপ কৰা কঠোৰ নীতি–নির্দেশনা শিথিল কৰাৰ চিন্তা–চর্চা আৰম্ভ হৈছে৷ অহা ১৫ জুনৰ পাছত ক’ভিড প্রতিৰোধৰ বাবে বলৱৎ কৰা কঠোৰ নীতি–নির্দেশনা শিথিলৰ ক্ষেত্রত জিলা পর্যায়ত পর্যালোচনা কৰিব চৰকাৰে৷ আজি এই কথা সদৰী কৰিছে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত এক অনুষ্ঠানত অংশগ্রহণ কৰাৰ অন্তত সংবাদ মাধ্যমৰ আগত স্বাস্থ্যমন্ত্রীগৰাকীয়ে কয় যে পৰিস্থিতি উন্নত হোৱা জিলাসমূহত কিছু বাধা–নিষেধ শিথিল কৰা হ’ব৷ এই প্রসংগত তেওঁ কয়– ‘অহা ১৫ জুনলৈ বর্তমান চলি থকা নির্দেশনাসমূহ বাহাল থাকিব৷ ৰাজ্যৰ সকলো তথ্য–পাতি সংগ্রহ কৰাৰ পাছত ক’ত কেনেধৰণৰ পৰিস্থিতি উন্নত হৈছে, এই সমগ্র কথা–বতৰা চালি–জাৰি চাই মুখ্যমন্ত্রীয়ে সিদ্ধান্ত ল’ব৷

ইতিমধ্যে পৰিস্থিতিৰ উন্নতি ঘটা স্থানসমূহত কিছু বাধা–নিষেধ শিথিল কৰাৰ বাবে আমি চেষ্টা কৰিম৷ এই সিদ্ধান্ত মুখ্যমন্ত্রীয়ে গ্রহণ কৰিব৷’ ইফালে সংক্রমণ বৃদ্ধি পাই থকা জিলাসমূহত পৰীক্ষা বিধিৰ বাবে পদক্ষেপ লোৱা হৈছে বুলি উল্লেখ কৰি স্বাস্থ্যমন্ত্রী মহন্তই কয় যে সংক্রমণ বৃদ্ধি পোৱা জিলাসমূহত পৰীক্ষাৰ লগতে প্রতিষেধক প্রদান কার্যও সমানে বৃদ্ধি কৰা হৈছে৷ গুৱাহাটী, নগাঁও, তিনিচুকীয়া, শিলচৰ আদিত পৰীক্ষা আৰু ভেকচিন প্রদান বৃদ্ধি কৰা হৈছে৷

ইপিনে বর্তমান ৰাজ্যত যথেষ্ট ভেকচিন মজুত আছে বুলি উল্লেখ কৰি স্বাস্থ্যমন্ত্রীগৰাকীয়্ পুনৰ কয়– প্রতিদিনে এক লাখকৈ ভেকচিন দিবলৈ আমি চেষ্টা কৰিছোঁ, যাতে সোনকালে ভেকচিন প্রদান প্রক্রিয়া সম্পূর্ণ কৰিব পাৰোঁ৷ সম্প্রতি ৰাজ্যত ক’ভাক্সিনৰ ১,৯৩,০০০টা দ্বিতীয় ড’জ দিবলগীয়া হৈছে৷ ইতিমধ্যে আমাৰ হাতত ১,৫০,০০০টা ক’ভাক্সিনৰ ড’জ জমা আছে৷ প্রতিখন জিলাৰ পৰা আমি প্রয়োজনীয়তাৰ পৰিমাণ বিচাৰিছোঁ৷ সেই ভিত্তিত প্রয়োজন সাপেক্ষে প্রেৰণ কৰা হ’ব ভেকচিন৷ আনহাতে, ৰাজ্যত প্রতিদিনে তিনি লাখকৈ ভেকচিন প্রদান কৰাৰ অসম চৰকাৰৰ লক্ষ্য আছে বুলি মন্তব্য কৰি মহন্তই কয় যে প্রতিদিনে চাৰি লাখ পর্যন্ত ভেকচিন দিব পৰাকৈ চৰকাৰৰ সামর্থ্য আছে৷ তথাপি প্রতিদিনে তিনি লাখ ভেকচিন প্রদানৰ লক্ষ্য চৰকাৰে বান্ধি লৈছে৷ এই লক্ষ্য কেন্দ্রীয় চৰকাৰে যোগান ধৰা ভেকচিনৰ ওপৰত নির্ভৰ কৰি পূৰণ কৰিব পৰা যাব৷

শিক্ষা বিভাগলৈ প্রেৰণ কৰিব বিশেষজ্ঞ কমিটীৰ প্রতিবেদন

ক’ভিডৰ গুৰুতৰ সংক্রমণৰ বাবে ৰাজ্যত মেট্রিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাক লৈ এতিয়াও আঁতৰা নাই অনিশ্চয়তা৷ স্বাস্থ্য বিভাগ আৰু শিক্ষা বিভাগে এই পৰীক্ষাসমূহ অনুষ্ঠিত কৰাক লৈ ধাৰাবাহিকভাৱে বৈঠক অনুষ্ঠিত কৰি আহিছে৷ ইয়াৰ মাজতে শিক্ষা বিভাগলৈ স্বাস্থ্য বিভাগে গঠন কৰা বিশেষজ্ঞ কমিটীৰ পৰামর্শ প্রেৰণ কৰিব বুলি আজি সদৰী কৰিছে মন্ত্রী কেশৱ মহন্তই৷ এই সন্দর্ভত স্বাস্থ্যমন্ত্রীগৰাকীয়্ কয়– ‘পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্রত শিক্ষা বিভাগে আমাৰ পৰা কিছু পৰামর্শ বিচাৰিছে৷ আমি পৰামর্শসমূহ শিক্ষা বিভাগলৈ প্রেৰণ কৰিবলৈ ঠিক কৰিছোঁ৷ পূর্বৰ দৰে পৰীক্ষা কেন্দ্রসমূহত শিক্ষার্থী বহা নিয়ম এইবাৰ কিছু সালসলনি হ’ব৷ স্বাস্থ্য বিশেষজ্ঞসকলৰ এখন কমিটী এই বিষয়টো পর্যালোচনাৰ বাবে আমি গঠন কৰিছিলোঁ৷ তেওঁলোকৰ পৰামর্শ আমি শিক্ষা বিভাগলৈ প্রেৰণ কৰিম৷’

RELATED ARTICLES