peepl-small

আপোনাৰ ব্লেকহেড নোহোৱা কৰাৰ সহজ উপায়

PUBLISHED:

গুৱাহাটীঃ বহু লোকৰ মুখৰ সৌন্দৰ্য হ্ৰাস কৰে কিছুমান দাগে। বিশেষকৈ নাকত থাকে এই দাগবোৰ। ইয়াক ব্লেক হেড বুলি জনা যায়।
শৰীৰত হৰম’নৰ পৰিৱৰ্তনৰ বাবে বহু লোকৰ মুখ বিশেষকৈ নাকত ব্লেকহেড বিকশিত হয়। ব্লেকহেডবোৰৰ বাবে বহুতো লোক দুশ্চিন্তাত পৰে।

এই সমস্যাৰ পৰা মুক্তি পাবলৈ পাৰ্লাৰত ফেচিয়েল, ঘৰত ব্যয়বহুল সামগ্ৰীৰ ব্যৱহাৰ, স্ক্ৰেপিং আদিৰ দৰে বহুতো কাম কৰিবলগীয়া হয়। কিন্তু কেৱল ঘৰুৱা উপায়েৰে এই সমস্যাৰ পৰা মুক্তি পোৱা সম্ভৱ। কি এই উপায়-

হালধি
অসাধাৰণ ঔষধি গুণ থকা হালধিয়ে ব্লেকহেড আঁতৰ কৰাত কাৰ্যকৰী ভূমিকা পালন কৰে।

এই পদ্ধতিত পদিনা পাতৰ ৰস আৰু হালধি বটা বা হালধি গুড়িৰ ডাঠ মিশ্ৰণ এটা তৈয়াৰ কৰক। এই মিশ্ৰণ ব্লেকহেড প্ৰভাৱিত স্থানত সানি দিয়ত। শুকান হ’লে নৰম গৰম পানীৰে ধুই দিয়ক।

হালধি, চন্দনৰ গুড়ি আৰু কেঁচা গাখীৰেৰে এটা ডাঠ মিশ্ৰণ তৈয়াৰ কৰক। এই মিশ্ৰণটো ব্লেকহেডপ্ৰভাৱিত স্থানত মিহলি কৰক আৰু ইয়াক কমেও ১০ মিনিটৰ বাবে ৰাখক। ইয়াৰ পিছত ধুই দিয়ক পানীৰে।

এই মিশ্ৰণটো সপ্তাহত কমেও দুই বা তিনিবাৰ ব্যৱহাৰ কৰিলে ব্লেকহেডৰ সমস্যা সমাধান হ’ব।

মৌ

মৌ হৈছে উচ্চ ঔষধি গুণৰ এক ভেষজ তৰল। মৌৰেও আঁতৰাব পাৰি ব্লেকহেড।

ব্লেকহেডৰ স্থানত মৌ ভালদৰে ঘহি লওক। শুকান হ’লে ধুই পেলাব। এই মৌৱে ছাল কোমল ৰাখে আৰু নোমৰ গুৰি সংকুচিত কৰে, ফলস্বৰূপে, ব্লেকহেড নোহোৱা হোৱাৰ লগতে নতুন ব্লেকহেডৰ উদ্ভৱ নহয়।

RELATED ARTICLES