peepl-small

এগৰাকী চিকিৎসকৰ মহানুভৱতাঃ মাত্ৰ ১০ টকা লৈয়ে কৰি গৈছে চিকিৎসা সেৱা

PUBLISHED:

গুৱাহাটী: বিশ্বনাথৰ এগৰাকী মানৱ দৰদী চিকিৎসকৰ মহানুভৱতা। যি সময়ত চিকিৎসকে ৰোগীৰ পৰা ফিজৰ নামত সহস্ৰাধিক টকা লয়, সেই সময়তে বিশ্বনাথৰ পাভৈৰ চিকিৎসক ডাঃ ৰঞ্জন গগৈয়ে মাত্ৰ ১০ টকা ফিজলৈ চিকিৎসা সেৱা আগবঢ়াইছে।

১৯৯২ চনৰ পৰা পাভৈস্থিত তেওঁৰ ব্যক্তিগত চেম্বাৰত মাত্ৰ ২০ টকা মাননী লৈ চিকিৎসা সেৱা প্ৰদাৱ কৰি আহিছিল৷ কিন্তু সম্প্ৰতি ক’ভিডৰ বাবে তেওঁ বৰ্তমান ফিজ ১০ টকা মাননি লৈয়ে ৰাইজক প্ৰদান কৰিছে চিকিৎসা সেৱা।

তাৰোপৰি অসম-অৰুণাচল সীমান্তৰ ভিতৰুৱা গাঁৱত তেওঁ গৰ্ভৱতী মহিলা, শিশু আৰু বৃদ্ধ লোকৰ বাবে বিনামূলীয়া চিকিৎসা শিবিৰো স্থাপন কৰি আহিছে৷ এইজন মানৱ দৰদী চিকিৎসকৰ এই জনহিতকৰ কামে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷

ইপিনে ক’ভিডৰ সময়ত ৰাজ্যৰ আন আন ঠাইৰ চিকিৎসকসকলকো ৰোগী চোৱাৰ বাবদ লোৱা মাননীৰ পৰিমান হ্ৰাস কৰিবলৈ আহ্বান জনাইছে।

RELATED ARTICLES