peepl-small

জাপৰিগোগৰ নয়ন এপার্টমেণ্টৰ খহিছে দেৱালঃ আতংকিত আৱাসী

PUBLISHED:

গুৱাহাটী: জাপৰিগোগৰ নয়ন এপার্টমেণ্টত বসবাস কৰা ১৬টা পৰিয়ালে ভয় আৰু শংকাৰে দিন পাৰ কৰিবলগীয়া হৈছে৷ যোৱা ২৮ এপ্রিলত হোৱা ভূমিকম্পৰ পাছতে জাপৰিগোগৰ মোহিনী চ’কত থকা এপার্টমেণ্টটোৰ বিভিন্ন ঠাইত ফাট মেলিছিল৷ ২৮ এপ্রিলৰ পাছৰে পৰা আজিলৈকে মাজে–সময়ে কেইবাটাও সৰু–বৰ ভূমিকম্প আহিছে৷ ভূমিকম্প আহিলেই এপার্টমেণ্টটোৰ ফাট মেলা দেৱাল চপৰা–চপৰে খহি আছে৷ এপার্টমেণ্টটোৰ আৱাসীসকলে জানিবলৈ দিয়া মতে, চাৰি বছৰ পূর্বে বিল্ডাৰ হাবিবুৰ ৰহমানে এপার্টমেণ্টটো নির্মাণ কৰিছিল৷ বিল্ডাৰ হাবিবুৰে তিনি কঠা ভূমিত তিনি মহলীয়া এপার্টমেণ্টটো নির্মাণ কৰি ১৬টা পৰিয়ালক বিক্রী কৰিছিল৷ বিল্ডাৰ হাবিবুৰে বিজ্ঞানসন্মতভাৱে অট্টালিকাটো নির্মাণ নকৰাৰ ফলত ভূমিকম্পৰ পাছতে এপার্টমেণ্টটোত ফাট মেলে৷

এপার্টমেণ্টটোৰ আৱাসীসকলে বিল্ডাৰ হাবিবুৰক মেৰামতি কৰিবলৈ অনুৰোধ কৰিছিল৷ কিন্তু বিল্ডাৰ হাবিবুৰে এইক্ষেত্রত কোনো গুৰুত্ব প্রদান নকৰিলে৷ কালি এপার্টমেণ্টটোৰ আৱাসীসকলে বিল্ডাৰ হাবিবুৰৰ ভেটাপাৰাৰ বাসগৃহলৈ যায়৷কিন্তু বিল্ডাৰ হাবিবুৰে আৱাসীসকলক ভয়–ভাবুকি দি খেদি পঠিয়ায়৷ এপার্টমেণ্টটোৰ আৱাসীসকলে এতিয়া বিল্ডাৰ হাবিবুৰ ৰহমানৰ বিৰুদ্ধে আইনৰ কাষ চাপিব বুলি জানিবলৈ দিছে৷ উল্লেখ্য যে জি এম ডি এ আৰু জি এম চিৰ একাংশ দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰীক মেনেজ কৰি হাবিবুৰৰ দৰে বহু বিল্ডাৰে মহানগৰীৰ বিভিন্ন স্থানত এনেদৰে নিম্নমানৰ অট্টালিকা নির্মাণ কৰিছে৷ মহানগৰীত বিল্ডাৰে নিম্নমানৰ অট্টালিকা নির্মাণ কৰি বিক্রী কৰাৰ লগতে আৱাসীৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে৷ জিলা উপায়ুক্ত আৰু মন্ত্রী অশোক সিংহলক হাবিবুৰৰ দৰে দুর্নীতগ্রস্ত বিল্ডাৰৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলকব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনাইছে৷

RELATED ARTICLES