peepl-small

৫ জিলাত কঠোৰভাৱে বলৱৎ ক’ভিড নির্দেশনা, বৃদ্ধি হ’ব পৰীক্ষা

PUBLISHED:

গুৱাহাটী: ৰাজ্যৰ পাঁচখন জিলা ক্রমে ডিব্রুগড়, শোণিতপুৰ, নগাঁও, তিনিচুকীয়া আৰু কাছাৰত ক’ভিডৰ সংক্রমণ হ্রাস নোপোৱাত উদ্বিগ্ণ হৈ পৰিছে স্বাস্থ্য বিভাগ৷ এই জিলাকেইখনত সংক্রমণ হ্রাস কৰিবলৈ কঠোৰ ব্যৱস্থা গ্রহণ কৰাৰ ইংগিত দিছে ৰাজ্য চৰকাৰে৷ ইয়াৰ মাজতে উক্ত জিলাকেইখনত ক’ভিড পৰীক্ষা আৰু ভেকচিন প্রদান বৃদ্ধি কৰা হ’ব বুলি ঘোষণা কৰিছে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ আজি সংবাদ মাধ্যমৰ আগত তেওঁ কয়– ‘ডিব্রুগড়–শোণিতপুৰ সংক্রমণৰ হাৰ আশানুৰূপ ধৰণে হ্রাস পোৱা নাই৷ এই জিলাসমূহত পৰীক্ষা বৃদ্ধি কৰিবলৈ নির্দেশ দিয়া হৈছে৷ তদুপৰি জিলাকেইখনত ভেকচিন প্রদান বৃদ্ধি কৰা হ’ব৷ আন জিলাসমূহতো পৰীক্ষা আৰু ভেকচিন প্রদান অব্যাহত থাকিব যদিও কামৰূপ মহানগৰসহ সংক্রমণ বৃদ্ধি পোৱা জিলাকেইখনত বিশেষ গুৰুত্ব প্রদান কৰা হ’ব৷’

একে সময়তে সংক্রমণ হ্রাস নোপোৱা জিলাকেইখনত এছ অ’ পিত উল্লেখ থকা নীতি–নির্দেশনাসমূহ কঠোৰভাৱে বলৱৎ কৰিবলৈ নির্দেশ দিছে স্বাস্থ্যমন্ত্রীয়ে৷ এই প্রসংগত তেওঁ কয় যে সংক্রমণ হ্রাস নোপোৱা জিলাকেইখনত কঠোৰ নীতি–নির্দেশনা বলৱতৰ বাবে সংশ্লিষ্ট উপায়ুক্ত (ডি চি) আৰু আৰক্ষী অধীক্ষকক (এছ পি) নির্দেশ দিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ অৱশ্যে সংক্রমণ হ্রাস নাপালেও জিলাকেইখনত এতিয়াও জনসাধাৰণে নীতি–নিয়মসমূহ মানি চলা নাই বুলি উল্লেখ কৰিছে স্বাস্থ্যমন্ত্রীয়ে৷

উল্লেখ্য যে ৰাজ্যত ক’ভিড পৰিস্থিতি সামান্য উন্নতি ঘটিছে যদিও ডিব্রুগড়–শোণিতপুৰ আক্রমণৰ সংখ্যাই অতিক্রম কৰিছে গুৱাহাটী মহানগৰীকো৷ প্রতিদিনে এই জিলাকেইখনত দুই শতাধিক লোক আক্রান্ত হৈ আহিছে৷ যাৰ বাবে ২১ জুনলৈ পৰিস্থিতি উন্নত নহ’লে জিলাকেইখনত কঠোৰতম পদক্ষেপ লোৱা হ’ব বুলি শেহতীয়াকৈ প্রকাশ কৰা এছ অ’ পিত উল্লেখ কৰিছে৷ প্রয়োজন সাপেক্ষে এই জিলাকেইখনত সম্পূর্ণ লকডাউন দিয়াৰ সম্ভাৱনা আছে৷

RELATED ARTICLES