peepl-small

আজিৰে পৰা ৰাজ্যৰ ২৮ হাজাৰ গাঁৱত স্বাস্থ্য বিভাগৰ ক’ভিড স্ক্রীনিং–পৰীক্ষা

PUBLISHED:

গুৱাহাটীঃ  ৰাজ্যৰ গ্রামাঞ্চলসমূহত মাৰাত্মক ক’ভিডৰ সংক্রমণে গুৰুতৰ ৰূপ ধাৰণ কৰাত উদ্বিগ্ন হৈ পৰিছে চৰকাৰ৷ সেয়েহে ৰাজ্যৰ ৩৩খন জিলাত প্রায় ২৮ হাজাৰ গাঁৱত আজিৰ পৰা ৰাজ্যৰ স্বাস্থ্য বিভাগে আৰম্ভ কৰিব সামূহিক নিৰীক্ষণ পৰিকল্পনা কার্যসূচী৷ এই কার্যসূচীৰ অধীনত প্রতিখন   গাঁৱৰ ঘৰে ঘৰে অথবা সমূহীয়া স্থানত স্বাস্থ্যকর্মীৰ দলে লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰিব৷ এই কার্যসূচীৰ বাবে সোমবাৰে ৰাজ্য চৰকাৰে জাৰি কৰিছে এছ অ’ পি৷

সেই অনুসৰি তৃতীয় পর্যায়ৰ এই কার্যসূচীৰ অধীনত চিকিৎসা বিষয়াৰ নেতৃত্বত এ এন এম, এম পি ডব্লিউ, লেবৰেটৰী টেকনিচিয়ানৰ দ্বাৰা গঠিত দলে গাঁওসমূহ পৰিভ্রমণ কৰিব৷ এই গোটটোক সহযোগিতা কৰিব আশাকর্মীসকলে৷ এই চিকিৎসক গোটো কোনো এখন গাঁৱলৈ যোৱাৰ পূর্বে আশাকর্মীসকলে গাঁওবুঢ়া অথবা ৱার্ড মেম্বাৰৰ সহযোগত প্রতি ঘৰলৈ গৈ কোনো লোক অসুস্থ হৈ আছে নেকি সেয়া পৰীক্ষা কৰিব৷

জ্বৰ, কাহ অথবা আন ৰোগত আক্রান্ত লোকসকলৰ তালিকা প্রস্তুত কৰি সংশ্লিষ্ট কর্তৃপক্ষক আশাকর্মীসকলে প্রদান কৰিব লাগিব৷ এই প্রতিবেদনৰ পাছতে চিকিৎসকৰ নেতৃত্বত গঠিত গোটটোৱে কোনো এখন গাঁও ভ্রমণ কৰিব আৰু আশাকর্মীয়ে দাখিল কৰা তালিকা অনুসৰি অসুস্থ লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰিব৷

চিকিৎসকৰ পৰামর্শ অনুসৰি অসুস্থ লোকসকলৰ ছোৱাব অথবা তেজৰ নমুনা সংগ্রহ কৰিব লেবৰেটৰী টেকনিচিয়ানসকলে৷ এই পৰীক্ষাৰ সময়ত ক’ভিডৰ লক্ষণযুক্ত লোকসকলৰ ৰেপিড এণ্টিজেন টেষ্টৰ ফলাফল নিগেটিভ আহিলে তেওঁলোকৰ আৰটিপিচিআৰ পৰীক্ষাৰ ফলাফল নহালৈকে হোম কোৱাৰেণ্টাইনত থাকিবলৈ পৰামর্শ দিয়া হ’ব৷ এই গোটটোৱে ক’ভিডৰ উপৰি জাপানিজ এনকেফেলাইটিছ, মেলেৰিয়া, ডেংগু আদি ৰোগৰো স্ক্রীনিং কৰিব৷

তদুপৰি এই কার্যসূচীৰ সময়ত ক’ভিডৰ সময়ত কৰিবলগীয়া কাম আৰু ল’বলগীয়া সাৱধানতা সন্দর্ভতো গ্রামাঞ্চলসমূহত সজাগতা সৃষ্টি কৰা হ’ব৷ গাঁওসমূহৰ উপৰি চহৰ অঞ্চলসমূহত একেধৰণৰ গোট গঠন কৰি মহিলা আৰোগ্য সমিতি, এ ডব্লিউ ডব্লিউৰ সহযোগত এই কার্যসূচী চলোৱা হ’ব৷

উল্লেখ্য যে ইয়াৰ পূর্বেও ৰাজ্য চৰকাৰে এনে কার্যসূচী ৰূপায়ণ কৰিছিল৷ বিশেষকৈ ক’ভিডৰ প্রথম লহৰৰ সময়ছোৱাত এই কার্যসূচীৰ জৰিয়তে গ্রামাঞ্চলসমূহত কৰা স্ক্রীনিঙে যথেষ্ট সফলতা প্রদান কৰিবলৈ সক্ষম হৈছিল৷ এই কার্যসূচীৰ প্রথম আৰু দ্বিতীয় পর্যায়ত লাভ কৰা সফলতাৰ ভিত্তিতেই কাইলৈৰ পৰা তৃতীয় পর্যায়ৰ এই কার্যসূচী আৰম্ভ কৰিব স্বাস্থ্য বিভাগে৷ মূলতঃ গ্রামাঞ্চলসমূহত ক’ভিডৰ স্ক্রীনিঙেই এই কার্যসূচীৰ মূল লক্ষ্য৷

RELATED ARTICLES