peepl-small

১৫ মে’ৰ ভিতৰত শাম কাটিব পাৰে অসমৰ ক’ভিড পৰিস্থিতি

PUBLISHED:

গুৱাহাটীঃ “অহা ১৫ মে’ৰ ভিতৰত শাম কাটিব পাৰে ৰাজ্যৰ ক’ভিড-১৯ পৰিস্থিতি।” — এই মন্তব্য অসমৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

ড০ শৰ্মাই কয়—”যোৱা দহ দিনত আমি যিমানখিনি কাম কৰিছোঁ, তাৰ ভিত্তিত মই ভাবো যে অহা ১৫ মে’ৰ ভিতৰত হয়তো অসমৰ ক’ভিড পৰিস্থিতি বহু পৰিমাণে শাম কাটিব। কিন্তু এইবাৰ ‘ষ্ট্ৰেইন’বিলাক নতুন, সেয়ে হয়তো মই ভবামতে নহ’ব পাৰে।”

আনহাতে ২ মে’ত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত কোনোধৰণৰ যাতে বিজয় সমদল উলিওৱা নহয়, তাৰ বাবে সংশ্লিষ্ট পক্ষক আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। ইয়াৰ ফলত ক’ভিড সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ আশংকা কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

RELATED ARTICLES