peepl-small

বাজেটৰ কেইবাটাও ঘোষণাক আদৰণি কংগ্রেছ–অখিলৰ

PUBLISHED:

গুৱাহাটী: অসম বিধানসভাত ১৬ জুলাইত বিত্তমন্ত্রী অজন্তা নেওগে ২০২১–২২ বর্ষৰ বাবে দাখিল কৰা বাজেটক লৈ আজি সৰৱ হৈ পৰিল বিৰোধী৷ লক্ষণীয়ভাৱে বাজেটখনক বিৰোধিতা কৰাৰ লগে লগে কেইবাটাও ঘোষণাক লৈ আদৰণি জনালে বিৰোধী কংগ্রেছৰ লগতে এ আই ইউ ডি এফেও আজি বাজেট বিতর্কত অংশগ্রহণ কৰি বিৰোধী দলপতি দেৱব্রত শইকীয়াই কয় যে কৃষিৰ ক্ষেত্রত বাজেটত কোনো গুৰুত্বপূর্ণ দিশ প্রতিফলিত নহ’ল৷ জলসিঞ্চন বৃদ্ধিৰ ক্ষেত্রতে নাই কোনো প্রয়োজনীয় প্রস্তাৱ৷ অৱশ্যে বাজেটত মেডিকেল কলেজ স্থাপনৰ বাবে চৰকাৰক আদৰণি জনায় বিৰোধী দলপতিজনে৷ সমান্তৰালভাৱে চৰকাৰক ২০২১–২২ বর্ষৰ বাজেট প্রস্তাৱ সময় সাপেক্ষে সম্পূর্ণ কৰাৰ বাবেও আহ্বান জনালে দেৱব্রত শইকীয়াই৷

ইফালে, বাজেট বিতর্কত অংশগ্রহণ কৰি বিজেপি বিধায়ক পদ্ম হাজৰিকাই কয় যে ২০১৮–১৯ত বাজেটত ব্যয়ৰ পৰিমাণ আছিল ৭৯ শতাংশ৷ ২০১৯–২০ত এই ব্যয়ৰ পৰিমাণ ২২ শতাংশলৈ বৃদ্ধি হৈছে৷ বিধায়কগৰাকীয়ে সীমান্ত সুৰক্ষাৰ বাবে কমাণ্ডো বেটেলিয়ন গঠন আৰু ড্রাগ্ছমুক্ত অসম গঢ়াৰ বাবে মুখ্যমন্ত্রীক ধন্যবাদ জ্ঞাপন কৰে৷ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে বিতর্কত অংশগ্রহণ কৰি চৰকাৰে ১ লাখ লোকক দিব খোজা নিযুক্তিৰ প্রসংগত কয় যে নতুন পদ সৃষ্টি কৰাৰ বিপৰীতে খালী পদসমূহ পূৰণ কৰাতহে চৰকাৰে গুৰুত্ব দিয়া উচিত৷

জলসিঞ্চন বিভাগৰ উন্নয়ন সাধন কৰিব লাগে বুলি দাবী তুলি বিধায়কজনে অভিযোগ কৰে যে ১ লিটাৰ পানী পথাৰলৈ নিয়াৰ বাবে ৭৫ হাজাৰ টকা ব্যয় কৰা হৈছে৷ ইফালে, অগপ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই বাজেটখনে কর্মসংস্থাপন সৃষ্টি কৰিব বুলি মন্তব্য কৰে৷ বিপিএফৰ বিধায়ক দুর্গাদাস বড়োৱে বাজেটৰ বিভিন্ন পদক্ষেপক আদৰণি জনাই অসম চুক্তিৰ ৬নং দফাৰ প্রতিবেদন কেন্দ্রলৈ প্রেৰণৰ বাবে আহ্বান জনোৱাৰ লগতে বেকলগ পূৰণৰ বাবেও দাবী তোলে৷ কংগ্রেছৰ বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে বাজেটখনত খহনীয়া প্রতিৰোধৰ কোনো পদক্ষেপ নাই বুলি মন্তব্য কৰে৷ নির্দলীয় বিধায়ক অখিল গগৈয়ে শিৱসাগৰৰ ঐতিহ্য সংৰক্ষণৰ বাবে পদক্ষেপ লোৱাৰ বাবে মুখ্যমন্ত্রী আৰু বিত্তমন্ত্রীক ধন্যবাদ জ্ঞাপন কৰে৷ উল্লেখ্য যে বাজেটত তাই আহোম সংগ্রহালয়ৰ বিকাশ সাধনৰ বাবে পুঁজি নির্ধাৰণ কৰা হৈছে৷

RELATED ARTICLES