peepl-small

বিলাসী ৰিজ’ৰ্টৰ নামত দৈনিক কিমান লাখ টকা খৰচ কংগ্ৰেছৰ?

PUBLISHED:

গুৱাহাটীঃ হৰ্ছ ট্ৰেডিঙৰ আতংকত কংগ্ৰেছে আশ্ৰয় লৈছে হোটেল ৰাজনীতিৰ। কংগ্ৰেছৰ অৰ্ধ শতাধিক প্ৰাৰ্থীয়েই বাহৰ পাতি আছে সোণাপুৰস্থিত বিলাসী দিচাং ৰিজ’ৰ্টত। ৰিজ’ৰ্টখনৰ একোটা কোঠাৰ বাবে দৈনিক ব্যয় কৰিবলগীয়া হৈছে ৬ হাজাৰকৈ টকা। কংগ্ৰেছে দিচাঙৰ প্ৰায় ৭০টা কোঠা বুকিং কৰিছে বুলি জানিব পৰা গৈছে।

সেই হিচাপত প্ৰতিদিনে দলটোৱে খৰচ কৰিছে চাৰিৰ পৰা পাঁচ লাখকৈ টকা। দলীয় প্ৰাৰ্থীসকলক হৰ্ছ ট্ৰেডিঙৰ পৰা আঁতৰাই ৰখাৰ বাবে এনেদৰে বৃহৎ পৰিমাণৰ ধন খৰচ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই কংগ্ৰেছে।

ব্যয়বহুল ৰিজ’ৰ্টখনৰ সন্মুখত উপস্থিত থকা এগৰাকী কংগ্ৰেছ নেতাই প্ৰকাশ কৰা অনুসৰি শৰীৰ চৰ্চা আৰু খেল-ধেমালিৰ জৰিয়তে সময় অতিবাহিত কৰিছে প্ৰাৰ্থীসকলে।

“আমাৰ ইয়াত পৰ্যালোচনা হৈছে। মেণ্টেল ৰিফ্ৰেছমেণ্টৰ বাবে সকলো আহিছে। প্ৰায়সংখ্যকেই আহিছে। দুই-এজন স্বাস্থ্যজনিত কাৰণত অহা নাই।”-এনেদৰে প্ৰকাশ কৰে নেতাগৰাকীয়ে।

এআইইউডিএফৰ প্ৰাৰ্থীসকলো সোণাপুৰৰ ৰিজ’ৰ্টখনত আজি উপস্থিত হ’ব বুলি তেওঁ জনায়।

RELATED ARTICLES