peepl-small

উৎকোচৰ বিনিময়ত বৃদ্ধি কৰা হৈছিল প্রার্থীৰ টেবুলেচন শ্বীটৰ নম্বৰ

PUBLISHED:

গুৱাহাটীঃ অসম লোকসেৱা আয়োগত সংঘটিত বিয়াগোম কেলেংকাৰিৰ তদন্ত পুনৰ আৰম্ভ কৰাৰ লগে লগে হাহাকাৰ লাগিছে ধনৰ বিনিময়ত চাকৰি ক্রয় কৰা বিষয়াসকলৰ মাজত৷ বিশেষকৈ ২০১৩ বর্ষত এ পি এছ চিয়ে অনুষ্ঠিত কৰা পৰীক্ষাত বক্রপথেৰে উত্তীর্ণ হোৱা কেইবাগৰাকীও বিষয়াৰ গ্রেপ্তাৰ আসন্ন হৈ পৰিছে৷ এই বিষয়াসকলক উৎকোচৰ বিনিময়ত নম্বৰ বঢ়াই দিছিল ৰাকেশ পাল বাহিনীয়ে৷ এই ভয়ংকৰ অনিয়ম শেহতীয়াকৈ পোহৰলৈ আহিছে ফৰেনছিক পৰীক্ষাৰ প্রতিবেদনত৷ ইয়াৰ পাছতে তদন্তকাৰী বিষয়াই ২০১৩ বর্ষৰ উত্তৰবহীসমূহ পুনৰ পৰীক্ষাৰ বাবে বিশেষ ন্যায়াধীশৰ আদালতত আবেদন জনায়৷ ন্যায়ালয়ে এই আবেদন মঞ্জুৰ কৰাৰ পাছতেই ধন দি নম্বৰ বঢ়াই লোৱা, সাক্ষাৎকাৰত অৱতীর্ণ নোহোৱাকৈ ৰাজপত্রিত বিষয়াৰ চাকৰি লোৱা বিষয়াৰ বুকুৰ ঢ়পঢ়পনি আৰম্ভ হৈছে৷ একে সময়তে ২০১৩ বর্ষৰ এ পি এছ চি কেলেংকাৰিৰ তদন্তৰ বাবে গঠন হোৱা এজনীয়া তদন্ত আয়োগেও জাল চপাই আনিছে৷

উল্লেখ্য যে ন্যায়ালয়ৰ নির্দেশত অসম চৰকাৰে উক্ত কেলেংকাৰিৰ তদন্তৰ বাবে অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ শর্মাক লৈ এজনীয়া তদন্ত আয়োগ গঠন কৰিছিল৷ এই আয়োগে বিগত দুবছৰ ধৰি বিভিন্ন পক্ষৰ পৰা সাক্ষ্য গ্রহণ কৰি আছে৷ এজনীয়া আয়োগৰ তদন্ততো প্রকাশ পাইছে বহু বিস্ফোৰক তথ্য৷ সকলো বিষয় পুংখানুপুংখভাৱে পৰীক্ষাৰ বাবে এজনীয়া তদন্ত আয়োগে অসম লোকসেৱা আয়োগক ২০১৩ বর্ষৰ পৰীক্ষা সংক্রান্তীয় কেতবোৰ বিশেষ তথ্য দাখিল কৰিবলৈ নির্দেশ দিছে৷ ২০১৩ বর্ষৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ লগত জড়িত সকলো পৰীক্ষক, নিৰীক্ষক আৰু টেবুলেটৰৰ তালিকা জুলাইৰ প্রথম সপ্তাহৰ ভিতৰত তদন্ত আয়োগক জমা দিব লাগিব বুলি নির্দেশনাটোত কোৱা হৈছে৷

প্রাথমিক তদন্তত স্পষ্ট হৈ পৰিছে যে একাংশ প্রার্থীক টেবুলেচন শ্বীট প্রস্তুত কৰা সময়ত অকর্তৃত্বশীলভাৱে নম্বৰ বঢ়াই দিয়া হৈছিল৷ তেওঁলোকে উত্তৰবহী পৰীক্ষাৰ সময়ত যিমান নম্বৰ লাভ কৰিছিল, তাতকৈ অধিক নম্বৰ সন্নিৱিষ্ট কৰা হৈছিল টেবুলেচন শ্বীটত৷ কেৱল যে উৎকোচৰ বিনিময়তে এই দুষ্কার্য সংঘটিত কৰা হৈছিল, তাত কোনো সন্দেহ নাই৷ সেই বাবেই তদন্তকাৰী আৰক্ষীয়ে আটাইকেইগৰাকী প্রার্থীৰ উত্তৰবহীৰ নম্বৰ আৰু টেবুলেচন শ্বীটৰ নম্বৰ পৰীক্ষা কৰিবৰ বাবে সাজু হৈছে৷ এই বিষয়টো গুৰুত্ব সহকাৰে লৈছে অৱসৰপ্রাপ্ত ন্যায়াধীশক লৈ গঠিত তদন্ত আয়োগেও৷ ইয়াৰ লগে লগে কেইবাখনো জিলাত কর্মৰত হৈ থকা বহু ৰাজপত্রিত বিষয়াৰো বিপদ চমু চাপি আহিছে৷

RELATED ARTICLES