peepl-small

মহামাৰীৰ মাজতে সাধাৰণ ৰাইজক মাধমাৰঃ ২০০ শতাংশলৈকে বৃদ্ধি বাছভাৰা

PUBLISHED:

  • প্রট’কলৰ নামত ছিংগল ছীটত লৈছে ডাব্ল ভাৰা
  • নীৰৱ পৰিবহণ বিভাগ–প্রশাসন

গুৱাহাটীঃ ৰাজ্যত ক’ৰোনা মহামাৰীৰ পৰিৱেশ জটিল হৈ উঠাৰ সময়তে সাধাৰণ ৰাইজক মাধমাৰ শোধাইছে অভাৱনীয় হাৰত বৃদ্ধি পোৱা খাদ্য–সামগ্রীৰ মূল্যই৷ কার্যতঃ নিয়ন্ত্রণহীন হৈ পৰা সামগ্রীৰ মূল্যবৃদ্ধিৰ সমান্তৰালকৈ হঠাৎ বৃদ্ধি পাইছে যাত্রীবাহী বাহনৰ ভাৰা৷

বিগত বর্ষৰ ক’ৰোনাকেন্দ্রিক পৰিৱেশৰ পৰা কিছু মূৰ দাঙি উঠাৰ সময়তে ৰাজ্যত আৰম্ভ হোৱা মহামাৰীৰ দ্বিতীয়টো জোৱাৰে পুনৰ সাধাৰণ ৰাইজৰ মাজলৈ নমাই আনিছে অনিশ্চয়তা৷ এনে অৱস্থাত ক’ভিড প্রট’কল মানিবলৈ গৈ যাত্রীবাহী বাছসমূহৰ ভাৰা ২০০ শতাংশ বৃদ্ধি কৰা কার্যই সাধাৰণ ৰাইজৰ জীৱন অধিক জটিল কৰি তুলিছে৷

উল্লেখ্য যে ৰাজ্য চৰকাৰে ৰাজহুৱা পৰিবহণৰ অধীনৰ বাছ, চিটীবাছ, আন্তঃজিলা পৰিবহণ আদিত ৫০ শতাংশ যাত্রীহে অহা–যোৱা কৰিব পাৰিব বুলি এছ অ’ পি জাৰি কৰিছে৷ এই নতুন এছ অ’ পিৰ সুযোগ লৈয়ে যাত্রীবাহী বাছৰ ভাৰা ২০০ শতাংশ পর্যন্ত বৃদ্ধি পাইছে৷

অত্যাৱশ্যকীয় সামগ্রীৰ চ’ৰাদামে ৰাইজক জুৰুলা কৰি ৰখাৰ সময়তে বাছ আদিৰ ভাৰা বৃদ্ধিৰে পুনৰ মাধমাৰ শোধাইছে দুখীয়া ৰাইজক৷ প্রতিখন যাত্রীবাহী বাছে ছিংগল ছীটৰ বিপৰীতে লৈছে ডাব্ল ভাৰা৷ অর্থাৎ গুৱাহাটীৰ পৰা শিৱসাগৰলৈ এজন যাত্রীয়ে ভৰিব লগা হৈছে ৬০০ টকা, ডিব্রুগড়লৈ ৮০০ টকা আৰু তেজপুৰলৈ যাওঁতে এজন যাত্রীয়ে ভৰিব লগা হৈছে ৫০০ টকা৷

সেয়াই নহয়, গুৱাহাটীলৈ জীৱিকাৰ তাড়নাত ক্ষেত্রী, সোণাপুৰ, ডিমৰীয়া আদিৰ পৰা শাক–পাচলি লৈ অহা ক্ষুদ্র ক্ষুদ্র ব্যৱসায়ীসকলে অহা–যোৱাৰ বাবদ বাছভাৰা দিবলগীয়া হৈছে ২০০ টকাৰ পৰা ২৫০ টকাকৈ৷

এজন যাত্রীৰ পৰা ক’ভিড প্রট’কলৰ নামত বাছসমূহে আদায় লৈয়ে দুজন যাত্রীৰ ভাৰা৷ একেদৰে নামনি অসমৰ নলবাৰী, পাঠশালা, ৰঙিয়া আদিলৈ যাত্রা কৰা যাত্রীয়েও ছিংগল ছীটত ডাব্ল ভাৰা দি অহা–যোৱা কৰিবলগীয়া হৈছে৷

মন কৰিবলগীয়া যে বাছ ভাৰা বৃদ্ধিক লৈ শেহতীয়াকৈ সদৌ অসম মটৰ পৰিবহণ সংস্থাৰ সচিবপ্রধান প্রদীপ দাসে এক বিবৃতিৰে এই সন্দর্ভত উল্লেখ কৰিছে যে ৫০ শতাংশ যাত্রীৰে বাছ চলাব নোৱাৰি৷ অন্যথা যাত্রীবাহী গাড়ীৰ চলাচল বন্ধ কৰিব লাগিব৷ ৰাজ্য চৰকাৰে জাৰি কৰা প্রট’কল মানি লৈ গাড়ী চলিব নোৱাৰে৷ ৫০ শতাংশ যাত্রীৰ ভাৰাৰে ইন্ধন, কর্মচাৰীৰ দা–দৰমহা, গাড়ীৰ মেৰামতি আৰু টোলগেটকে ধৰি অন্যান্য কৰ–কাটলৰ ধন জোৰা মাৰিব নোৱাৰি৷

মটৰ পৰিবহণ সংস্থাৰ এনে যুক্তিৰ বিপৰীতে কিন্তু যাত্রীবাহী বাছত শেহতীয়াকৈ অন্য ছবিহে স্পষ্ট হৈছে৷ একাংশ যাত্রীবাহী বাছে বিভিন্ন কৌশলেৰে ৫০ শতাংশতকৈ অধিক যাত্রী কঢ়িয়াই আছে৷ ইয়াৰ বিৰোধিতা কৰা যাত্রীৰ সৈতে আনকি তর্কাতর্কিতো লিপ্ত হৈছে৷

ক’ভিড প্রট’কলৰ অজুহাতত বাছসমূহে ডাবল ভাৰা আদায় লৈ থকাৰ পিছতো কিন্তু নীৰৱ হৈ আছে পৰিবহণ বিভাগ তথা প্রশাসন৷ বাছ ভাৰা ২০০ শতাংশলৈ বৃদ্ধিয়ে সাধাৰণ ৰাইজক জুৰুলা কৰাৰ সময়তে এইবাৰ মিঠাতেল আৰু দাইলৰ দাম হঠাৎ হোৰাহোৰে বৃদ্ধিয়েও ৰাইজক চিন্তাত পেলাইছে৷ ১৪৮ টকাত বিক্রী হোৱা প্রতিলিটাৰ মিঠাতেল এতিয়া ১৫৬ টকাকৈ বিক্রী হৈছে৷

আনহাতে প্রতিকিলো মচুৰ দাইল (ডাঙৰ) ৭৬ টকাৰ পৰা ৮২ টকালৈ বৃদ্ধি হৈছে৷ আনহাতে ১২ টকীয়া আলু ১৫ টকাৰ পৰা এতিয়া ১৭ টকালৈ বৃদ্ধি হৈছে৷

RELATED ARTICLES