peepl-small

ৰাজ্যত আক্রান্তৰ হাৰ ১.৬৪ শতাংশলৈ হ্রাসঃ গুৱাহাটীত পুনৰ ব্লেক ফাংগাছত আক্রান্ত ৰোগী’

PUBLISHED:

গুৱাহাটীঃ  ৰাজ্যত ক্রমাৎ নিম্নগামী হৈছে ক’ভিড আক্রান্তৰ হাৰ৷ সোমবাৰে ১.৬৪ শতাংশলৈ হ্রাস পাইছে ক’ভিডত আক্রান্তৰ হাৰ৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ তথ্য অনুসৰি সোমবাৰে ৰাজ্যখনত মুঠ ২,৮০৫জন লোক ক’ভিডত আক্রান্ত হৈছে৷

ইয়াৰে সর্বাধিক ৩০৬জন গোলাঘাট জিলাৰ৷ তদুপৰি ডিব্রুগড় জিলাৰ ২১৭জন, শোণিতপুৰৰ ১৬৫জন আৰু কামৰূপ মহানগৰ জিলাৰ ১৫৮জন লোক ক’ভিডত আক্রান্ত হৈছে৷ এই সময়ছোৱাত ৰাজ্যখনত মুঠ ১,৭০,৮৫৬টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷

সোমবাৰৰ দিনটোত মৃত্যু হৈছে ৩৫জন লোকৰ৷ ইয়াৰে সর্বাধিক ৬জন তিনিচুকীয়া জিলাৰ৷ একেদৰে কামৰূপ মহানগৰ জিলাৰ চাৰিজন, কাছাৰ–ডিব্রুগড়–নগাঁও তিনিজনকৈ, ধুবুৰী–গোৱালপাৰা–হোজাইত দুজনকৈ আৰু বৰপেটা–বিশ্বনাথ–গোলাঘাট, কাৰ্বি-আংলং–কৰিমগঞ্জত এজনকৈ লোকৰ ক’ভিডত মৃত্যু ঘটিছে৷

ইপিনে, সোমবাৰে সুস্থ হৈছে ৩,৬৯৯জন লোক৷ সম্প্রতি চিকিৎসাধীন হৈ আছে ৩১,২৭৮জন লোক৷

লক্ষণীয় যে গুৱাহাটীত পুনৰ চিনাক্ত হৈছে এজন ব্লেক ফাংগাছত আক্রান্ত ৰোগী৷ সম্প্রতি এই ৰোগীজন গুৱাহাটীৰ ডাউন টাউন হাস্পতালত চিকিৎসাধীন হৈ আছে৷ জানিব পৰা মতে, ৫২ বছৰীয়া ব্যক্তিজন যোৱা ১৬ মে’ত ক’ভিডত আক্রান্ত হৈছিল৷ পৰৱর্তী সময়ত তেওঁ ক’ভিডৰ পৰা সুস্থ হৈ ঘৰলৈ উভতি আহে যদিও পুনৰ তেওঁৰ শৰীৰত ৰক্তচাপ আৰু শর্কৰাৰ স্তৰ অত্যধিক বৃদ্ধিত পোৱাত এখন ব্যক্তিগত চিকিৎসালয়ত ভর্তি হয়৷ চিকিৎসাধীন অৱস্থাত তেওঁ অত্যন্ত মূৰৰ বিষত ভোগে৷ প্রয়োজনীয় চিকিৎসা প্রদান কৰাৰ পাছতো তেওঁৰ স্বাস্থ্যৰ উন্নতি নঘটাত উক্ত হাস্পতালখনৰ পৰা ডাউন টাউন হাস্পতাললৈ স্থানান্তৰিত কৰে৷

ডাউন টাউন হাস্পতালত পৰীক্ষাত যোৱা ৬ জুনত ব্লেক ফাংগাছত আক্রান্ত হোৱাটো নিশ্চিত হয়৷ ইতিমধ্যে তেওঁৰ অস্ত্রোপচাৰ সম্পন্ন কৰা হৈছে আৰু সম্প্রতি সুস্থ অৱস্থাত আছে বুলি জানিব পৰা গৈছে৷

RELATED ARTICLES