peepl-small

বিহুত SOP: গুৱাহাটীত প্ৰতিবাদ বিহু সমিতিৰ

PUBLISHED:

গুৱাহাটীঃ ক’ভিড-১৯ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিহুৰ অনুষ্ঠান আয়োজন সন্দৰ্ভত ৰাজ্য চৰকাৰে জাৰি কৰা নিৰ্দেশনাৰ বিৰোধিতা কৰিছে বিহু সমিতিসমূহে। চৰকাৰৰ SOP-ৰ বিৰুদ্ধে দেওবাৰে গুৱাহাটীৰ লতাশিলত প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম বিহু কমিটি সমন্বয়ৰক্ষী সমিতিয়ে।

এই প্ৰতিবাদত গুৱাহাটীৰ প্ৰায় ত্ৰিশখন বিহু সমিতিয়ে অংশগ্ৰহণ কৰি চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰে।

“SOP-খনৰ কেইটামান দফাত আমি সন্তুষ্ট নহয়। আমি সম্পূৰ্ণ SOP-খনৰ বিৰোধিতা কৰা নাই। বিহু সমিতিৰ কৰ্মকৰ্তাসকলক ক’ভিড পৰীক্ষাৰ পৰা আঁতৰাই ৰাখিব লাগে। অনুষ্ঠান সামৰাৰ সময় ১-১.৩০টালৈকে বঢ়াই দিয়ক”-এনেদৰে কয় বিহু সমিতিৰ এগৰাকী বিষয়ববীয়াই।

RELATED ARTICLES