peepl-small

আপোনাৰ কাণ কেনেকৈ চাফা কৰিব? জানক এইকেইটা উপায়

PUBLISHED:

গুৱাহাটীঃ মানুহৰ শৰীৰৰ গুৰুত্বপূৰ্ণ অংগ কাণ দুখন। বহু মানুহে কাণৰ যতন সঠিকভাৱে নলয় বাবে কাণৰ বিভিন্ন সমস্যাত ভোগে।
বিশেষকৈ, কাণ ভালদৰে চাফা কৰাটো অতি জৰুৰী। কিন্তু নিৰাপদ উপায়েৰে কাণ চাফা নকৰিলে হিতে বিপৰীত হোৱাৰহে সম্ভাৱনা থাকে।

একাংশ অপ্ৰশিক্ষিত লোকে হাটে-বজাৰে কাণ চাফা কৰা দেখা যায়। তেনে লোকৰ পৰা দূৰত থাকিব। প্ৰশিক্ষণপ্ৰাপ্ত আৰু অভিজ্ঞ লোকৰ দ্বাৰাহে কাণ চাফা কৰিব। নিজাকৈ কৰিলেও সঠিক উপায় অৱলম্বন কৰিব।

হাইড্ৰজেন বা আনধৰণৰ পেৰ’ক্সাইড থকা ড্ৰপ ব্যৱহাৰ কৰি কাণ চাফা কৰিব পাৰি। অলিভ অইল ব্যৱহাৰ কৰিবলৈও চিকিৎসকসকলে পৰামৰ্শ দিয়ে।

যদি কাণৰ ভিতৰত জমা হোৱা লেতেৰাৰ পৰিমাণ অধিক হয় সেয়া নিজে চাফা নকৰি ততাতৈয়াকৈ চিকিৎসকৰ কাষ চাপক।

কেতিয়াও চেফটি পিন, দিয়াচলাই কাঠি আদিৰে কাণ চাফা নকৰিব। মমবাতি জ্বলাই কাণ চাফা কৰাৰ এটা পদ্ধতিও একাংশ লোকে ব্যৱহাৰ কৰা দেখা যায় যদিও সেয়া নিৰাপদ নহয়।

 

Photo by Alok Uniyal from Pexels

RELATED ARTICLES