peepl-small

দাঢ়ি খুৰোৱাৰ পাছত কিয় লগোৱা হয় ফিটকাৰী? জানক ইয়াৰ গুণাগুণ

PUBLISHED:

গুৱাহাটীঃ ফিটকাৰী — পুৰুষসকলৰ বাবে পৰিচিত শব্দ। চেলুনত দাঢ়ি খুৰোৱাৰ পাছত নাপিতে আপোনাৰ গালতো নিশ্চয় লগাই দিয়ে ফিটকাৰী। ইংৰাজীত ইয়াক কোৱা হয় ‘alum block’।
দাঢ়ি কাটোতে যদি আপোনাক অলপ কাটে, তেতিয়া ফিটকাৰী লগাই দিলে সহজে তেজ বন্ধ হয়। তদুপৰি ই এনটিচেপটিকৰো কাম কৰে।

ফিটকাৰীয়ে সহজে বেক্টেৰিয়া নাশ কৰে।

দাঢ়ি খুৰোৱাৰ পাছত হোৱা গালৰ জ্বলন ফিটকাৰীয়ে নোহোৱা কৰে। 

ইয়াৰ উপৰি আন বিভিন্ন কাৰ্যত ফিটকাৰী ব্যৱহাৰ কৰিব পাৰি।

ফিটকাৰীযুক্ত পানীৰে মূৰ ধুলে সহজে চাফা হয়। ইয়াত থকা পটাচিয়াম এলুমিনিয়াম ছালফেট বিশেষভাৱে উপকাৰী।

আপোনাৰ মূখত যদি ৰেখা দেখা দিছে, তেন্তে সদায় পুৱা মুখখন ফিটকাৰীৰ পানীৰে ধোৱক। নিশা শোৱাৰ আগেয়ে ফিটকাৰীৰে মালিচ কৰক। ইয়াৰ ফলত যথেষ্ট উপকাৰ পাব।

অৱশ্যে যদিও ফিটকাৰীৰ উপকাৰিতা আছে, চেলুনত একেটা ফিটকাৰীকে অসংখ্য গ্ৰাহকৰ গালত সানি দিয়াটো স্বাস্থ্যসন্মত নহয়।

Photo credit: GENTLEMANHQ

RELATED ARTICLES