peepl-small

কাইলৈৰ পৰা এসপ্তাহলৈ প্রৱেশ–প্রস্থান নিষিদ্ধ শুৱালকুছিত

PUBLISHED:

গুৱাহাটী:   সমগ্র ৰাজ্যখনত ক’ভিড আক্রান্তৰ সংখ্যা হ্রাস পোৱাৰ বিপৰীতে কামৰূপ জিলাৰ শুৱালকুছিত মাত্রাধিক ধৰণে বৃদ্ধি আহিছে৷ সেয়ে গণ সংক্রমণৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি অতি ঘন জনবসতিপূর্ণ গাঁওখনক ক’ৰোনা’ৰ পৰা ৰক্ষা কৰাৰ বাবে জিলা প্রশাসনে কঠোৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ সোমবাৰে ইয়াকে লৈ শুৱালকুছিস্থিত লোকনির্মাণ বিভাগৰ ডাক বঙলাত কামৰূপৰ উপায়ুক্ত কৈলাস কার্তিকৰ অধ্যক্ষতাত এখন গুৰুত্বপূর্ণ সভা অনুষ্ঠিত হয়৷ সভাত জিলা প্রশাসন, স্বাস্থ্য বিভাগ, স্থানীয় গাঁওবুঢ়া, তিনিওখন পঞ্চায়তৰ সভাপতি কাউঞ্চিলাৰসকল আৰু স্থানীয় মুখিয়াল লোক উপস্থিত থাকে৷ সভাৰ শেষত উপায়ুক্তগৰাকীয়ে সাংবাদিকক সম্বোধন কৰি কয় যে শুৱালকুছিবাসীক ক’ৰোনা মহামাৰীৰ পৰা ৰক্ষা কৰাৰ স্বার্থত ১৬ জুনৰ পৰা সাত দিনলৈ শুৱালকুছিৰ জনসমাগম হোৱা বজাৰ এলেকাসমূহৰ মাছ–মাংস আৰু শাক–পাচলিৰ দোকান সম্পূর্ণ বন্ধ থাকিব৷

আনহাতে, চৰকাৰে বান্ধি দিয়া প্রট’কল অনুসৰি বাকী দোকান খোলা থাকিব যদিও ক’ভিড প্রট’কল সম্পূর্ণকৈ মানি চলিব লাগিব৷ ক’ভিড প্রট’কল ভংগকাৰীৰ ব্যৱসায়িক প্রতিষ্ঠানৰ ক্ষেত্রত জিলা প্রশাসনে কঠোৰ আইনী ব্যৱস্থা গ্রহণ কৰিব৷ প্রয়োজনত ব্যৱসায়িক প্রতিষ্ঠানৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি ছীল কৰি দিয়া হ’ব৷

তদুপৰি শুৱালকুছি গেটত অস্থায়ী বেৰিকেড বহুৱাই গাঁওখনৰ পৰা মানুহৰ ওলোৱা–সোমোৱাত নিষেধজ্ঞা থাকিব৷ অৱশ্যে উপযুক্ত অনুমতি থকা আৰু দুয়োটা ক’ভিড ভেকচিন লোৱা চৰকাৰী কর্মচাৰী কর্তব্যলৈ যাব পাৰিব৷ ব্যক্তিগত কোম্পানীত কাম কৰাসকলেও এই এসপ্তাহ যাব নোৱাৰিব৷ আনহাতে, ক’ভিড পৰিস্থিতিৰে মোকাবিলা কৰাৰ বাবে জিলা উপায়ুক্তই এই সাত দিনৰ ভিতৰত ক’ভিড পৰীক্ষা, ভেকচিন প্রদানৰ সু–ব্যৱস্থা শুৱালকুছিৰ তিনিওখন পঞ্চায়তে কৰিবলৈ স্বাস্থ্য বিভাগক নির্দেশনা দিছে৷ সেয়ে কাইলৈৰ পৰা প্রতিটো চুবুৰিৰ লোকক ক’ভিড টেষ্ট কৰি পজিটিভসকলক ক’ভিড কেন্দ্রলৈ প্রেৰণ কৰিব৷ লগতে পৰীক্ষাত নিগেটিভ আহিলে প্রত্যেকজনক টেষ্টৰ অন্তত বয়স অনুযায়ী ভেকচিন প্রদান কৰি এই মহামাৰীৰ পৰা পৰিত্রাণৰ ব্যৱস্থা কৰিব৷ সান্ধ্য আইনৰ সময়ছোৱাত কোনো লোক ঘৰৰ বাহিৰ হ’লে আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ লোকে শাস্তি বিহাৰ উপৰি প্রয়োজনত আৰক্ষীয়ে গোচৰ ৰুজু কৰিব বুলিও উপায়ুক্তগৰাকীয়ে অৱগত কৰে৷

শুৱালকুছিত ক’ভিডৰ গম্ভীৰ পৰিস্থিতিৰ বাবে গাঁওখনত অধিক আৰক্ষী, চি আৰ পি এফ জোৱান মোতায়েন কৰিব বুলি জিলা উপায়ুক্তই সদৰী কৰিছে৷ বৈঠকত জিলা উপায়ুক্তৰ উপৰি সহকাৰী আয়ুক্ত প্রীতি কুমাৰী, হাজো ৰাজহ চক্র বিষয়া সুকন্যা বৰা, শুৱালকুছি খণ্ড উন্নয়ন বিষয়া অর্চনা দাস, মহকুমা স্বাস্থ্য বিষয়া ডাঃ দীপক চন্দ্র দাস আমিনগাঁও এম এছ এম ই ক’ভিড কেন্দ্রৰ বিষয়া ডাঃ কার্তিক চন্দ্র মেধি আদি উপস্থিত থাকে৷ উপায়ুক্তগৰাকীয়ে ঘন জনবসতিপূর্ণ শুৱালকুছিবাসীৰ পূর্ণ সহযোগে গাঁওখনক ক’ভিডৰ পৰা পৰিত্রাণত সহায়ক কৰিব বুলি আশা প্রকাশ কৰে৷ কোনো ক্ষেত্রতে ক’ভিড বিধি উলংঘন নকৰিবলৈ তেওঁ শুৱালকুছিবাসীক বিনম্রভাৱে অনুৰোধ জনায়৷

RELATED ARTICLES